নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল : নিশ্চিত বিদায় ৰাজস্থান ৰয়েলছ-ৰ !

নিউজ ডেস্ক, ২৫ এপ্রিল : ক্রমাগত পঞ্চম পৰাজয়েৰে চলিত আইপিএলৰ পৰা বিদায় প্রায় নিশ্চিত হ’ল ৰাজস্থান ৰয়েলছ-ৰ৷ কালি বেংগালুৰুত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত ৰাজস্থান ৰয়েলছ ঘৰুৱা দল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ১১ ৰানত পৰাস্ত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি আৰচিবি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়৷ ৯খন মেচৰ ৬খনত জয় আৰু ৩খনত পৰাজয়ৰ সন্মুখীন হৈছে বেংগালুৰু৷ বিপৰীতে ৰাজস্থান ৰয়েলছ-ৰ এয়া আছিল সপ্তম পৰাজয়৷ দলটোৱে ৯খন মেচ খেলি মাত্র ২খনত বিজয় সাব্যস্ত কৰি ৪ পইণ্টেৰে পইণ্ট তালিকাৰ অষ্টম স্থানত আছে৷

কালিৰ মেচখনত ঘৰুৱা দল বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাজস্থান ৰয়েলছ-এ নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্রহ কৰে৷ অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু ধ্রুৱ জুৰেলৰ বাহিৰে বাকীসকল বেটাৰে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰাজস্থান ৰয়েলছ-ৰ জয়ছোৱাললে ১৯টা বলত ৭টা চাৰি আৰু ৩টা ছয়েৰে ৪৯ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ ইফালে জুৰেলে ৩৪টা বলত ৩টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৪৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ অ’পেনাৰ বৈভৱ সূর্যবংশীয়ে ১৬ ৰান কৰি বিদায় লোৱাৰ লগতে নীতিশ ৰাণাই ২৮ ৰান কৰি পেভিলিয়নমুখী হয়৷ ৰাজস্থান ৰয়েলছ-ৰ অধিনায়ক অসম সন্তান ৰিয়ান পৰাগ-এ পুনৰবাৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়৷ ৰিয়ানে ১০টা বলত ২টা চাৰি আৰু ২টা ছয়েৰে ২২ ৰান কৰি বিদায় লয়৷ ছিমৰণ হেটমায়েৰে ১১, শুভম ডুবেই ১২ আৰু আর্চাৰে কোনো ৰান নকৰাকৈয়ে পেভিলিয়নমুখী হয়৷ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হৈ জ’ছ হেজলউডে ৪টা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ ক্রুনাল পাণ্ডিয়াই ২টা, ভুবনেশ্বৰ কুমাৰ আৰু য়শ দয়ালে এটাকৈ উইকেট লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি তাৰকা বেটাৰ বিৰাট কোহলি আৰু দেৱদূত পাড়িকালৰ দর্শনীয় অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত অভাৰত ৫টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্রহ কৰে৷ ফিল ছল্ট আৰু বিৰাট কোহলিয়ে প্রথম উইকেটৰ যুটিত ৬১ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ ছল্টে ২৬ ৰান কৰি বিদায় লয় যদিও কোহলিয়ে চমকপ্রদ বেটিং দাঙি ধৰি ৭০ ৰানৰ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়৷ কোহলিৰ ৪২টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু ২টা ছয়৷ আউট হোৱাৰ পূর্বে কোহলিয়ে পাড়িকালৰ সৈতে দ্বিতীয় উইকেটত ৯৫ ৰান সংগ্রহ কৰে৷ ইফালে, পাড়িকালে ২৭টা বলত ৪টা চাৰি আৰু ৩টা ছয়েৰে ৫০ ৰানৰ গুৰুত্বপূর্ণ অৱদান আগবঢ়ায়৷ টিম ডেভিদে ১৫টা বলত ২৩ ৰান কৰি বিদায় লয় যদিও জিতেশ শর্মাই ১০টা বলত ২০ ৰান কৰি অপৰাজিত হৈ থাকে৷ ডেভিদ আৰু জিতেশে পঞ্চম উইকেটত ৪২ ৰান সংগ্রহ কৰে৷ অধিনায়ক ৰজত পাটিদাৰে মাত্র ১ ৰান কৰি বিদায় লয়৷ ৰাজস্থান ৰয়েলছ-ৰ হৈ সন্দীপ শর্মাই সর্বাধিক ২টা উইকেট লাভ কৰাৰ লগতে আর্চাৰ আৰু হাছাৰাংগাই ১টাকৈ উইকেট লয়৷

You might also like