আইপিএল : ২৬ মার্চত গুৱাহাটীত আৰআৰ-কেকেআৰৰ মেচ
🔹 ১৮ মার্চত মুকলি হ’ব ছাত্র–ছাত্রীৰ টিকট কাউণ্টাৰ
নিউজ ডেস্ক, ১৬ মার্চ : গুৱাহাটীত ২৬ মার্চত অনুষ্ঠিত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাহট ৰাইডার্ছৰ মাজৰ আইপিএলৰ মেচখনৰ ছাত্র–ছাত্রীৰ বিশেষ টিকট ১৮ মার্চত মুকলি কৰা হ’ব৷ এই টিকট কিন্তু অনলাইনত উপলব্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ কাউণ্টাৰলৈ প্রথমে অহাজনে টিকট সংগ্রহ কৰিব পাৰিব৷ টিকট কাউণ্টাৰৰ স্থান আৰু মুকলি কৰাৰ সময় আগদিনা জনোৱা হ’ব৷ উল্লেখ্য যে এই টিকট ক্রয় কৰাৰ বাবে ছাত্র–ছাত্রীয়ে স্কুলৰ সঠিক প্রমাণ–পত্র দেখুৱাব লাগিব৷ টিকটৰ মূল্য ৫০০ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্র আইপিএল দল, যিয়ে ছাত্র–ছাত্রীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্র–ছাত্রীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ৩০ মার্চত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আইপিএল মেচৰ ছাত্র–ছাত্রীৰ টিকট মুকলিৰ দিন পৰৱর্তী সময়ত ঘোষণা কৰা হ’ব৷ ইফালে, অহা ৩০ মার্চৰ চিএছকে আৰু আৰআৰ দলৰ মেচখনৰ অন্তিম পর্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ অৱশ্যে আইপিএল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্রিকেটপ্রেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও ২৬ মার্চত অনুষ্ঠিত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাহট ৰাইডার্ছৰ মাজৰ মেচখনৰ টিকট ক্রয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্রায় ১০ হাজাৰ টিকট এতিয়াও আছে৷