দেশৰ ৬ চহৰত ৯ এপ্রিলৰ পৰা ঐশ্বর্যশালী টি–২০ লীগঃ আই পি এলৰ উদ্বোধনী মেচত মুম্বাই–আৰচিবি
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: জল্পনা–কল্পনাৰ অন্ত পেলাই বি চি চিয়ে দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে আগন্তুক আই পি এলৰ সম্পূর্ণ সূচী৷ ব’ৰ্ডৰ সচিব জয় শ্বাহে এক বিবৃতিত প্রকাশ কৰা অনুসৰি অহা ৯ এপ্রিলৰ পৰা ২০২১ বর্ষৰ আই পি এল আৰম্ভ হ’ব৷ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মুখামুখি হ’ব৷ প্রতিযোগিতাখনৰ আৰম্ভণি পর্যায়ত দর্শকে ষ্টেডিয়ামত প্রৱেশৰ অনুমতি লাভ নকৰিব যদিও পৰৱর্তী সময়ত বিষয়টো পুনৰ বিবেচনা কৰা হ’ব বুলি ব’র্ডে সদৰী কৰিছে৷
‘এইবাৰৰ আই পি এল অহা ৯ এপ্রিলৰ পৰা দেশৰ ছটা স্থানত খেলোৱা হ’ব৷ চেন্নাইত মুম্বাই আৰু বাংগালুৰুৱে উদ্বোধনী মেচ খেলিব৷ যোৱা বছৰ ইউ এ ইত আই পি এল নিৰাপদ আৰু সফলতাৰে আয়োজন কৰাৰ পিছত বি চি চি আই এইবাৰ ঘৰৰ মাটিত ঐশ্বর্যশালী টি–২০ লীগ আয়োজন কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷’ এক বিবৃতিত শ্বাহে এইদৰে কয়৷
উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ আই পি এল দেশৰ ভিন্ন প্রান্তত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে ছখন চহৰ ক্রমে দিল্লী, আহমেদাবাদ, বাংগালুৰু, কলকাতা, চেন্নাই আৰু মুম্বাইত খেলোৱা হ’ব৷ বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আই পি এলৰ প্লে অফ আৰু ফাইনেল অনুষ্ঠিত হ’ব৷ ৩০ মে’ত প্রতিযোগিতাৰ ফাইনেল খেলোৱা হ’ব৷ প্রতিযোগিতাখনত মুঠ ১১খন ডাবল হেডাৰ খেলোৱা হ’ব৷ দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া মেচকেইখন বিয়লি ৩.৩০ বজাৰ পৰা আৰু সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া মেচসমূহ ৭.৩০ৰ পৰা আৰম্ভ হ’ব৷ ‘প্রতিটো দলে লীগ পর্যায়ত চাৰিটা স্থানত খেলিব লাগিব৷ মুঠ ৫৬খন লীগ মেচৰ ভিতৰত চেন্নাই, মুম্বাই, কলকাতা আৰু বাংগালুৰুৱে ১০খনকৈ আৰু আহমেদাবাদ তথা দিল্লীয়ে আঠখনকৈ মেচৰ আয়োজন কৰিব৷
এইবাৰৰ আই পি এলৰ এটা উল্লেখনীয় দিশ হ’ব যে কোনো এটা দলে ঘৰৰ মাটিত খেলাৰ সুযোগ নাপাব৷ সকলো মেচ নিৰপেক্ষ ভেন্যুত খেলোৱা হ’ব৷’ বি চি চি আইৰ বিবৃতিত এইদৰে প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে আজি প্রকাশ পোৱা আনুষ্ঠানিক সূচী অনুসৰি মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে ১০ এপ্রিলত মুম্বাইত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ একেদৰে অসমৰ সৈতে বিশেষ সম্পর্ক থকা ৰাজস্থান ৰয়েলছে ১২ এপ্রিলত এইবাৰৰ আই পি এলত প্রথমখন মেচ খেলিব৷ সঞ্জু ছেমছন নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব পঞ্জাব কিংছ৷