নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্ৰিকেটত প্ৰথমটো বিজয় সাব্যস্ত আয়াৰলেণ্ডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ ১ মাৰ্চ শুকুৰবাৰটো আইৰিছ ক্ৰিকেটৰ বাবে আছিল এক অতি বিশেষ দিন। টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমটো জয় সাব্যস্ত কৰে আয়াৰলেণ্ডে। আবুধাবি খেলপথাৰত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচত আয়াৰলেণ্ডে আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰে। টেষ্ট ক্ৰিকেটত আয়াৰলেণ্ডৰ এয়া প্ৰথম জয়। ইয়াৰ পূৰ্বে আইৰিছ দলটোৱে সাতখন খেল খেলিছিল, য’ত তেওঁলোকে সকলো মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। আফগানিস্তান আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখন আবুধাবিৰ টলাৰেন্স অভাল খেলপথাৰত অনুষ্ঠিত হৈছিল। আফগানিস্তানৰ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৫৫ ৰানত অলআউট হৈছিল। আয়াৰলেণ্ডৰ হৈ মাৰ্ক আডাইৰে ৫টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত আইৰিছ দলটোৱে প্ৰথম ইনিংছত ২৬৩ ৰান সংগ্ৰহ কৰি ১০৮ ৰানৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। তাৰ পাছত দ্বিতীয় ইনিংছতো আফগানিস্তানৰ বেটছমেনসকলে বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে আৰু দলটো ২১৮ ৰানত অলআউট হয়। এইদৰে আয়াৰলেণ্ডে দ্বিতীয় ইনিংছত ১১১ ৰানৰ বিজয়লক্ষ্য লৈ খেলি ৪টা উইকেট হেৰুৱাই অৰ্জন কৰিছিল। টেষ্ট ক্ৰিকেটৰ প্ৰথমটো জয়ৰ পিছত সমগ্ৰ আইৰিছ দলটো সুখী আৰু ইয়াক সুন্দৰভাৱে উদযাপন কৰিছিল।

You might also like