ধাৰাভাষ্যকাৰৰ পৰা বাদ পৰিল ইৰফান পাঠান
🔹 ধাৰাভাষ্যৰ সময়ত ক্রিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ প্রকাশ
নিউজ ডেস্ক, ২৩ মার্চ : আইপিএলৰ ধাৰাভাষ্যকাৰৰ তালিকাত নাই ইৰফান পাঠান৷ তেওঁক বাদ দিয়া হৈছে তালিকাৰ পৰা৷ জানিব পৰা মতে, ধাৰাভাষ্যৰ সময়ত কেইবাজনো ক্রিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ প্রকাশ কৰিছিল তেওঁ৷ সেইবাবে এই শাস্তি প্রদান কৰা হৈছে৷ আইপিএলৰ ধাৰাভাষ্যকাৰৰ তালিকাত প্রতি বছৰে তেওঁৰ নাম দেখা যায়৷ কিন্তু দুবছৰ ধাৰাভাষ্য দিয়াৰ সময়ত কেইগৰাকীমান ক্রিকেটাৰক একেৰাহে সমালোচনা কৰাত এই কার্য সহজভাৱে ল’ব পৰা নাই৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ছিৰিজত ইৰফানে এজন ভাৰতীয় ক্রিকেটাৰক ইমানেই সমালোচনা কৰিছিল যে তেওঁ খঙতে ইৰফানৰ ম’বাইল নম্বৰ ব্লক কৰি দিছিল৷ আনকি, ইৰফানৰ বিৰুদ্ধে কেইবাজনেও ভাৰতীয় ক্রিকেট ব’ৰ্ডক অভিযোগ কৰিছিল৷ ইয়াৰ পিছতে ব’র্ডে তেওঁক তালিকাৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লয়৷