নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাৰ্নৰ মৃত্যুত ৰহস্য আছে নেকি, কৰা হ’ব মৰোনোত্তৰ পৰীক্ষা

বিশেষ বাৰ্তা, ৫ মাৰ্চঃ সম্ভৱতঃ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱার্নৰ। এই খবৰ প্ৰকাশ হোৱাৰ পাছতে চমকি উঠে সমগ্ৰ বিশ্ব। বহুতৰে মনত প্রশ্ন, এই মৃত্যুত কোনো ৰহস্য আছে নেকি? কিন্তু থাইলেণ্ড আৰক্ষীয়ে জনাইছে, ৱার্নৰ মৃত্যুত কোনো ৰহস্য নাই। নিয়ম অনুসৰি ৱার্নৰ দেহৰ মৰোনত্ত পৰীক্ষা কৰা হ’ব। তাৰ বাবে ক্রিকেটাৰগৰাকীৰ দেহ আন এখন হাস্পাতাললৈ নিয়া হৈছে। যি ভিলাত ৱার্নৰ মৃত্যু হৈছে, তাৰে আশে-পাশে থকা লোকক আৰক্ষীয়ে দুই-এটা কথা সুধিছে। কিন্তু এই ঘটনাক একেবাৰেই সন্দেহজনক নহয় বুলি কৈছে বেংকক আৰক্ষীয়ে। মাত্র ৫২ বছৰ বয়সতে মৃত্য়ু হয় তেওঁৰ। ৱার্নে এৰি থৈ গৈছে তিনি সন্তান ব্রুক, ছামাৰ আৰু জেকছনক।

You might also like