ঈশানৰ দর্শনীয় শতৰানেৰে হায়দৰাবাদৰ সহজ জয়
নিউজ ডেস্ক, ২৪ মাৰ্চঃ যোৱাবাৰ আইপিএলৰ ফাইনেলিষ্ট ছানৰাইজার্ছ হায়দৰাবাদে য’ত শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছে অভিযান৷ দলটোৰ অতি আগ্রাসী বেটিঙৰ সন্মুখত থমকি ৰ’ল ৰাজস্থান ৰয়েলছ৷ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ৪৪ ৰানত পৰাস্ত কৰে ৰিয়ান পৰাগৰ ৰাজস্থানক৷ শতৰান কৰি দৃষ্টি আকর্ষণ কৰে হায়দৰাবাদৰ বেটাৰ ঈশান কিষণে৷ প্রথমে বেটিং কৰি দলটোৱে ৬ উইকেটত সংগ্রহ কৰা ২৮৬ ৰানৰ প্রত্যুত্তৰত ৰাজস্থানে ৬ উইকেটত ২৪২ ৰান কৰি ইনিংছ সামৰে৷ টছত জয়লাভ কৰি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৰাজস্থানৰ ভাৰপ্রাপ্ত অধিনায়ক ৰিয়ান পৰাগে৷ হায়দৰাবাদৰ বেটিং সহায়ক পীটছত তেওঁ হয়তো ভবাই নাছিল কি ভুল কৰিলে৷ মেচ আৰম্ভ হোৱাৰ পিছত এই ভুল সহজ হৈ পৰিল৷ উল্লেখ্য যে যোৱা বছৰো প্রতিখন মেচতে আগ্রাসী বেটিং কৰিছিল হায়দৰাবাদে৷ দলটোৱে তিনিবাৰ ২৫০ৰ অধিক ৰান আৰু ছবাৰ ২০০ৰ বেছি ৰান সংগ্রহ কৰিছিল৷ এইবাৰো তাৰ ব্যতিক্রম নহ’ল৷ প্রথম মেচতে নিজে গঢ়া আইপিএলৰ সর্বোচ্চ ৰানৰ অভিলেখ ভংগ কৰাৰ দুৱাৰডলিত উপনীত হৈছিল৷ মাত্র এক ৰানৰ বাবে সেই অভিলেখ ভংগ নহ’ল৷ যোৱা বছৰ আইপিএলত ট্রেভিছ হেড আৰু অভিষেক শর্মাই যিদৰে আৰম্ভ কৰিছিল তাতেই অর্ধেক কাম সম্পন্ন হৈছিল হায়দৰাবাদৰ৷ এইবাৰ তেওঁলোকৰ সৈতে যোগ দিছে ঈশানে৷ ফলত, আইপিএলৰ ভয়ংকৰ টপ অর্ডাৰ হৈ পৰিছে দলটো৷ প্রথম তিনি অভাৰত ৪৫ ৰান সংগ্রহ কৰি হায়দৰাবাদে ধ্বংসলীলা আৰম্ভ কৰে৷ চতুর্থ অভাৰৰ প্রথম বলত অভিষেক (২৪) আউট হোৱাৰ পিছত হেডৰ সৈতে যোগ দি ঈশানে ৰাজস্থানৰ বলাৰসকলক তুলাধুনা দিয়ে৷ ৯টা চাৰি আৰু ৩টা ছয়েৰে ৬৭ ৰান কৰি আউট হয় হেড৷ ঈশানৰ সৈতে যোগ দিয়া নীতিশ ৰেড্ডীয়েও ১৫টা বলত ৩০ ৰান কৰে৷ এসময়ত মুম্বাই ইণ্ডিয়ানছৰ নয়নৰ মণি আছিল ঈশান৷ তেওঁৰ বাবে ১৫ কোটি খৰচো কৰিছিল৷ কিন্তু যোৱাবাৰ দলৰ পৰা তেওঁক এৰি দিয়াত হায়দৰাবাদে সেই সুযোগ গ্রহণ কৰে৷ প্রথমখন মেচতে ঈশানে বুজাই দিয়ে যে তেওঁৰ ওপৰত আস্থা ৰাখি ভুল কৰা নাই হায়দৰাবাদে৷ ক্রিজত নমাৰ পিছৰ পৰা শেষ পর্যন্ত খেলপথাৰৰ চাৰিওফালে শ্বট খেলি যি আক্রমণাত্মক প্রদর্শন দাঙি ধৰিলে সেই বেটিঙে নির্বাচকসকলৰো দৃষ্টি আকর্ষণ কৰিছে৷ এনে একাধিক ইনিংছে তেওঁৰ বাবে হয়তো ৰাষ্ট্রীয় দলৰ দুৱাৰ মুকলি কৰিব৷ শেষ পর্যন্ত ঈশানে ৪৭টা বলত ১০৬ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰাজস্থানৰ আটাইতকৈ খৰচী বলাৰৰূপে পৰিগণিত জফ্রা আর্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়ে৷ ইপিনে, ২৮৭ ৰানৰ লক্ষ্য অতিক্রম কৰিবলৈ গৈ দ্বিতীয় অভাৰতে যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱায় ৰাজস্থানে৷ নীতিশ ৰাণায়ো (১১) নতুন দলৰ হৈ প্রথমখন মেচতে ব্যর্থ হয়৷ ৰাজস্থানৰ সন্মান ৰক্ষাৰ যুঁজত দুই পুৰণা যোদ্ধা সঞ্জু ছেমচন আৰু ধ্রুৱ জুৰেলে দর্শনীয় বেটিঙেৰে অৱতীর্ণ হয়৷ দুয়োজনে চতুর্থ উইকেটৰ যুটিত ১১১ ৰান যোগ দিয়ে৷ কিন্তু ২৮৭ ৰানৰ বৃহৎ লক্ষ্য অতিক্রমৰ বাবে সেই ৰান যথেষ্ট নাছিল৷ অৱশ্যে সঞ্জু আৰু জুৰেল ক্রিজত থকাৰ সময়ত ৰাজস্থানৰ আশা কিছু পৰিমাণে সজীৱ হৈ আছিল যদিও তিনিটা বলৰ ব্যৱধানত দুয়োজনে বিদায় লোৱাত আশা নির্বাপিত হয়৷ হর্ষল পেটেলৰ বলত হেনৰি ক্লাছেনৰ হাতত কেচ দি সঞ্জুৱে ৬৬ ৰানত বিদায় লয়৷ জুৰেলে সংগ্রহ কৰে ৭০ ৰান৷ ইয়াৰ পিছতো ৰাজস্থানে ছিমৰন হেটমায়াৰ আৰু শুভম ডুবেৰ জৰিয়তে ২৫০ ৰানৰ ওচৰলৈ আগবাঢ়ি যায়৷ এই দুজন বেটাৰে ৫ অভাৰত ৮০ ৰানৰ যুটি গঢ়ে৷ হেটমায়াৰে ২৩টা বলত ৪২ আৰু শুভমে ১১টা বলত ৩৪ ৰান কৰে৷ ৰাজস্থানৰ নৱাগত অধিনায়ক ৰিয়ান পৰাগে (৪) ব্যর্থতা প্রদর্শন কৰে৷ অ’পেনাৰ জয়ছোৱাল (১) আৰু নীতিশ ৰাণাৰ সৈতে তেওঁ কিছু ৰান সংগ্রহ কৰিলে হয়তো ৰাজস্থানৰ পথ কিছু সহজ হ’লহেঁতেন৷