গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি আইছিছ কাশ্মীৰৰ
নিউজ ডেস্ক, ২৪ এপ্রিলঃ গৌতম গম্ভীৰ ক মৃত্যুৰ ভাবুকি আইছিছ কাশ্মীৰৰ। পাক সন্ত্রাসবাদীয়ে পেহেলগামত দেশী–বিদেশী পর্যটকক বর্বৰতাৰে হত্যা কৰাৰ শোক–ক্ষোভৰ মাজতেই ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি জেহাদী সংগঠনৰ৷ পেহেলগাম আক্রমণৰ দিনাই ই–মেইলযোগে গৌতম গম্ভীৰক সন্ত্রাসবাদী সংগঠন আইচিচ কাশ্মীৰে মৃত্যুৰ ভাবুকি দিছে৷ ২২ এপ্রিলত আইচিচ কাশ্মীৰৰ পৰা দুটাকৈ ই–মেইলেৰে মৃত্যুৰ ভাবুকি পোৱাৰ পাছত গৌতম গম্ভীৰে দিল্লী আৰক্ষীত অভিযোগ দাখিল কৰিছে৷ ইতিমধ্যে গোচৰ ৰুজু কৰি দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰ ভাষাৰে নিন্দা জনোৱা ক্রিকেট দলৰ মুখ্য প্রশিক্ষক গম্ভীৰক ই–মেইলযোগে জেহাদী সংগঠনটোৱে ভাবুকি দিয়া বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছে দিল্লী আৰক্ষীয়ে৷ গম্ভীৰৰ লগতে তেওঁৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীক অৱগত কৰোৱাৰ পাছতেই নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও গৌতম গম্ভীৰক ২০২১ চনত মৃত্যুৰ ভাবুকি দিছিল৷ কিন্তু এইবাৰৰ মৃত্যুৰ ভাবুকি পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছতেই অহা বাবে দিল্লী আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে৷