Euro 2020: ৫৩ বছৰৰ পাছত ইউৰো কাপৰ চেম্পিয়ন ইটালী
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ ইউয়েফা ইউৰো কাপ ২০২০ৰ (UEFA EURO 2020 Final) চেম্পিয়ন হ’ল ইটালী। ১৯৬৮ চনৰ পিছত ইটালীয়ে পুনৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ জয়ৰ সোৱাদ লাভ কৰে। ৫৩ বছৰৰ পিছত ইটালীয়ে নিজকে ইউৰোপৰ সৰ্বশ্ৰেষ্ঠ দল বুলি প্ৰমাণ কৰিলে।
মন কৰিবলগীয়া যে ১৯৬৬ চনৰ বিশ্বকাপৰ খিতাপ জয় কৰাৰ পিছৰে পৰা ইংলেণ্ডে কোনো বৃহৎ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ প্রতিযোগিতাখনত ইখনৰ পিছত সিখন মেচত উন্নত প্রদর্শন দাঙি ধৰা ইংলেণ্ডে কালিৰ ফাইনেল মেচখনতো ইটালীৰ হাতত পৰাস্ত হয়।
? ???????? ?’?????? ?
?? Congratulations Italy, EURO 2020 winners ???@azzurri | #ITA | #EURO2020 pic.twitter.com/62Ve8TMEFu
— UEFA EURO 2020 (@EURO2020) July 11, 2021