বিশ্বকাপত কুম্বলেৰ অভিলেখ ভংগ জাদেজাৰ
বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : বিশ্বকাপৰ এখন প্রতিযোগিতাত সর্বাধিক উইকেট দখলৰ দৌৰত ৰবীন্দ্র জাদেজাই ভংগ কৰিলে প্রাক্তন তাৰকা স্পিনাৰ অনিল কুম্বলেৰ অভিলেখ৷ নেদাৰলেণ্ডছৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি তেওঁ চলিত বিশ্বকাপত ১৬টা উইকেট দখলৰ গৌৰৱ অর্জন কৰে৷ ইয়াৰ লগে লগে তেওঁ ১৯৯৬ চনৰ বিশ্বকাপত কুম্বলেই প্রতিষ্ঠা কৰা ১৫টা উইকেটেৰে ভাৰতৰ হৈ বিশ্বকাপত সর্বাধিক উইকেট দখলৰ অভিলেখ ভংগ কৰে৷ আনহাতে, ২০১১ চনৰ বিশ্বকাপত যুৱৰাজ সিঙে ১৫টা উইকেট দখল কৰি খিতাপ বিজয়ত মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ আন এগৰাকী স্পিনাৰ কুলদীপ যাদৱে নেদাৰলেণ্ডছৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি চলিত প্রতিযোগিতাখনত ১৪টা উইকেট লাভৰ গৌৰৱ অর্জন কৰে৷ অৱশ্যে স্পিনাৰদ্বয়ৰ দর্শনীয় প্রদর্শন সত্ত্বেও যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ আৰু মহম্মদ ছামিয়ে ভাৰতৰ বিজয়ত অন্যতম ভূমিকা গ্রহণ কৰিছে৷ বুমৰাহে চলিত বিশ্বকাপত ৯খন মেচ খেলি ১৭টা উইকেট, ছামিয়ে ১৬টা আৰু ছিৰাজে ১২টা উইকেট দখল কৰিছে৷