নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্দান্ত প্ৰদৰ্শনেৰে টেষ্ট ৰেংকিঙত উত্তৰণ যশস্বী জয়ছোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ টেষ্ট ৰেংকিঙত যশস্বী জয়ছোৱালে আগুৱাইছে। ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দুটাকৈ দ্বৈত শতক অৰ্জন কৰা জয়ছোৱালে ৰেংকিঙত ১৪টা স্থানলৈ আগবাঢ়িছে, যাৰ সৈতে তেওঁ ১৫ নম্বৰ টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগে লগে তিনিগৰাকী ভাৰতীয় খেলুৱৈয়ে এদিনীয়া ৰেংকিঙত শীৰ্ষ ৫ স্থানত প্ৰৱেশ কৰিছে। য’ত আছে শুভমান গিল, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা। ভাৰতীয় বেটছমেনসকলে টেষ্ট আৰু এদিনীয়া দুয়োটা ৰেংকিঙতে লাভৱান হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলা পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় মেচত জয়ছোৱালে দ্বৈত শতক অৰ্জন কৰিছিল। বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন মেচত জয়ছোৱালে ভাৰতৰ প্ৰথম ইনিংছত বেটিং কৰি ২০৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ৰাজকোটত খেলা তৃতীয়খন টেষ্টত দ্বিতীয় ইনিংছত বেটিং কৰি ২১৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰি জয়ছোৱালে হায়দৰাবাদত খেলা প্ৰথমখন টেষ্টতো ৮০ ৰানৰ ইনিংছ খেলিছিল। টেষ্ট ৰেংকিঙৰ শীৰ্ষ ৫ ৰ কথা ক’বলৈ গ’লে নিউজিলেণ্ডৰ কেন উইলিয়ামছন ৮৯৩ ৰেটিঙেৰে শীৰ্ষ স্থানত আছে। ইয়াৰ উপৰি ষ্টিভ স্মিথ ৮১৮ ৰেটিংৰে দ্বিতীয়, ডেৰিল মিচেল ৭৮০ ৰেটিঙেৰে তৃতীয়, বাবৰ আজমে ৭৬৮ ৰেটিঙেৰে চতুৰ্থ আৰু ইংলেণ্ডৰ জো ৰুট ৭৬৬ ৰেটিঙেৰে পঞ্চম স্থানত আছে। ইফালে এদিনীয়া ৰেংকিঙত ভাৰতীয় অ’পেনাৰ শুভমান গিল ৮০১ ৰেটিঙেৰে দ্বিতীয় স্থানত, বিৰাট কোহলি ৭৬৮ ৰেটিংৰে তৃতীয় স্থানত আৰু ৰোহিত শৰ্মাই ৭৪৬ ৰেটিঙেৰে চতুৰ্থ স্থানত আছে। তালিকাখনত আগবাঢ়ি গৈ নিউজিলেণ্ডৰ ডেৰিল মিচেলে ৭২৮ ৰেটিঙেৰে পঞ্চম স্থানত আছে। আনহাতে এদিনীয়া ৰেংকিঙত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম প্ৰথম স্থানত আছে। ৮২৪ ৰেটিঙেৰে এদিনীয়াত বাবৰে এক নম্বৰ বেটছমেন হৈয়ে আছে।

You might also like