যশপ্রীত বুমৰাহ আইচিচিৰ বর্ষশ্রেষ্ঠ টেষ্ট ক্রিকেটাৰ
নিউজ ডেস্ক, ২৮ জানুৱাৰী : সাম্প্রতিক বিশ্ব ক্রিকেটত শ্রেষ্ঠতম বলাৰ হিচাপে আত্মপ্রতিষ্ঠা কৰিছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ বিগত বর্ষটোত বিশেষকৈ টেষ্ট ক্রিকেটত বুমৰাহে নিজৰ বলিঙেৰে একপ্রকাৰ ত্রাসৰ সৃষ্টি কৰিছিল৷ এই চমকপ্রদ প্রদর্শনৰ সুবাদতে বুমৰাহক ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে ২০২৪ বর্ষৰ শ্রেষ্ঠ টেষ্ট ক্রিকেটাৰ হিচাপে স্বীকৃতি দিছে৷ উল্লেখ্য যে পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ ২০২৩ চনৰ শেষৰ ফালে টেষ্ট ক্রিকেটলৈ প্রত্যাৱর্তনৰ পিছত বুমৰাহ স্বভাৱসিদ্ধ প্রদর্শনেৰে উজলি উঠিছিল৷ বিগত বর্ষত ঘৰৰ মাটিত ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলা জয়ত বুমৰাহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ আনহাতে, দক্ষিণ আফ্রিকা আৰু অষ্ট্রেলিয়া ভ্রমণতো অনবদ্য প্রদর্শন আগবঢ়াইছিল বুমৰাহে৷ বিগত বর্ষটোত বুমৰাহে মুঠ ১৩খন টেষ্ট খেলি ৭১টা উইকেট দখল কৰিছিল৷ এনে প্রদর্শনেৰে তেওঁ বিগত বর্ষত টেষ্ট ফর্মেটত সর্বাধিক উহকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হৈছিল৷ উল্লেখ্য যে যশপ্রীত বুমৰাহ আইচিচিৰ বর্ষশ্রেষ্ঠ টেষ্ট ক্রিকেটাৰৰ বঁটা লাভ কৰা ভাৰতৰ ষষ্ঠগৰাকী খেলুৱৈ৷ বুমৰাহৰ পূর্বে ৰাহুল দ্রাবিড়, গৌতম গম্ভীৰ, বীৰেন্দ্র সেহৱাগ, ৰবিচন্দ্রন অশ্বিন আৰু বিৰাট কোহলিয়ে এই বঁটা লাভ কৰিছে৷ ইপিনে, এই সন্মান লাভ কৰা দেশৰ প্রথমগৰাকী পেচাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ৷ ইফালে, ভাৰতীয় মহিলা দলটোৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধানা ২০২৪ বর্ষৰ আইচিচি মহিলা এদিনীয়া ক্রিকেটৰ বর্ষশ্রেষ্ঠ খেলুৱৈৰূপে বিবেচিত হয়৷ বিগত বর্ষত মান্ধানাই এদিনীয়াত ১৩টা ইনিংছত ৭৪৭ ৰান কৰিবলৈ সক্ষম হৈছিল৷