নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্মিংহামত অনুশীলনত নামিল যশপ্রীত বুমৰাহ

🔹 ২ জুলাইৰ পৰা ইংলেণ্ডৰে দ্বিতীয় টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি

নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে বার্মিংহামত খেলিবলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি পালে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ৷ প্রথম দিনা দলীয় অনুশীলনত অংশগ্রহণ নকৰা বুমৰাহে কালি বার্মিংহামত নেটত বলিং আৰম্ভ কৰা দেখা গ’ল৷ নেটত পেচ বলাৰগৰাকীক অনুশীলন কৰা দেখাৰ লগে লগে ২ জুলাইৰ পৰা এজবাষ্টনত হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্টত বুমৰাহৰ খেলাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

শুকুৰবাৰে বার্মিংহামত ভাৰতীয় দলটোৱে প্রথমবাৰৰ বাবে অনুশীলন কৰা দেখা গৈছিল যদিও বুমৰাহক নেটত বলিং অনুশীলন কৰা দেখা পোৱা নগ’ল৷ বুমৰাহৰ লগতে পেচ বলাৰ প্রসিদ্ধ কৃষ্ণয়ো প্রথম দিনা বলিং অনুশীলন কৰাৰ পৰা বিৰত আছিল৷ বুমৰাহে কালি নেটত যথেষ্ট সময় বলিং অনুশীলন কৰে৷ বুমৰাহৰ লগতে প্রসিদ্ধ কৃষ্ণ আৰু মহম্মদ চিৰাজেও নেটত বলিং অনুশীলন কৰে৷

ইফালে, কালি ভাৰতীয় দলটোৰ অনুশীলনত ভাগ লোৱাৰ পৰা বিৰত থাকে অধিনায়ক শুভমন গিলৰ লগতে সহঃ অধিনায়ক ঋষভ পণ্ট, লোকেশ ৰাহুল আৰু যশস্বী জয়ছোৱাল৷ এই চাৰিওগৰাকী তাৰকা খেলুৱৈয়ে শুকুৰবাৰে নেটত যথেষ্ট সময় ধৰি বেটিং অনুশীলন কৰিছিল৷ কালি সাই সুদর্শনে নেটত বেটিং অনুশীলন কৰে৷ উল্লেখ্য যে শৃংখলাৰ প্রথমখন টেষ্টত টীম ইণ্ডিয়াই ইংলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হৈছিল৷

You might also like