বিজয় মাৰ্চেণ্ট ট্ৰফীৰ অসম দলত স্থান লাভ মৰিয়নিৰ জয় হাতীবৰুৱাৰ
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ ভাৰতীয় ক্ৰিকেট ক’ন্ট্ৰল ব’ৰ্ডৰ অন্তৰ্গত অনুৰ্দ্ধ ১৬ বছৰ বিজয় মাৰ্চেন্ট ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাই ইতিমধ্যে দল ঘোষনা কৰিছে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেন্টৰ বাবে ঘোষনা কৰা অসমৰ পুৰুষ ক্ৰিকেট দলত মৰিয়নিৰ জয় হাতীবৰুৱাই স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিজয় মাৰ্চেন্ট ট্ৰফীৰ বাবে অসম ক্ৰিকেট দলত স্থান লাভ কৰা জয় হাতীবৰুৱা মৰিয়নিৰ প্ৰথমজন ক্ৰিকেটাৰ। মৰিয়নি ক্ৰীড়া সন্থাৰ এগৰাকী নিয়মীয়া খেলুৱৈ জয় হাতীবৰুৱা মূলতঃ এজন বেগী বলাৰ। উইকেটৰ দুয়োদিশে চুইং কৰাত সিদ্ধহস্ত জয়ৰ বেটিঙতো সমানে দক্ষতা আছে। মৰিয়নি ক্ৰীড়া সন্থাৰ ক্ৰিকেট লীগত চি ৰ’ক ক্লাৱৰ হৈ নিয়মীয়াকৈ খেলা জয়ে মৰিয়নি প্ৰিমিয়াৰ লীগৰ ৰানাৰ্ছ আপ দল ৰূদ্ৰ ৱাৰিয়’ৰ্ছক প্ৰতিনিধিত্ব কৰি সুন্দৰ বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। শেহতীয়াকৈ ৰাধা গোবিন্দ বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্টত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি দৰ্শনীয় বলিঙেৰে দলক জয়ী হোৱাত সহায় কৰিছিল। তাৰ পিছতেই নিৰ্বাচকৰ চকু পৰে জয়ৰ ওপৰত। মৰিয়নি নগৰৰ ৭নং ৱাৰ্ডৰ নিবাসী, প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী পংকজ হাতীবৰুৱা আৰু জুৰি হাতীবৰুৱাৰ পুত্ৰ জয়ৰ এই কৃতিত্বই মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মৰিয়নিবাসীক আনন্দিত কৰি তুলিছে। মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নি ক্ৰীড়া সন্থা, ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগ, প্ৰেছ ক্লাৱ, ই-মেডিয়া সন্থা, শ্ৰীশ্ৰীশংকৰদেৱ কীৰ্তনঘৰ পৰিচালনা সমিতি আদিয়ে জয়ৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰাৰ লগতে জয়লৈ শুভেচ্ছা জনাইছে। স্বাভাবিকতে এই খবৰে মৰিয়নিৰ ক্ৰীড়ানুৰাগী ৰাইজৰ মাজত আনন্দৰ লহৰ বোৱাইছে। ইফালে, ২০২৪-২৫ বৰ্ষত বিজয় মাৰ্চেন্ট ট্ৰফীৰ বাবে অসম দলত স্থান লাভ কৰা জয় হাতীবৰুৱা যোৰহাট জিলাৰ একমাত্ৰ ক্ৰিকেটাৰ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া