নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহপাশত WWEৰ বিখ্যাত ৰেষ্টলাৰ জন চেনা, কন্যা ইৰাণৰ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ বিখ্যাত ৰেষ্টলাৰ, অভিনেতা জন চেনাই বৈবাহিক সম্পৰ্ক স্থাপন কৰিলে শ্বে শ্বৰিয়াজ্জাডেহৰ সৈতে। যোৱা মাৰ্চ মাহত দুয়োগৰাকীৰ সম্পৰ্কৰ কথা ৰাজহুৱা হৈছিল প্ৰচাৰ মাধ্যমত।

যোৱা ১২ অক্টোবৰত ফ্ল’ৰিডাৰ হোটেলত বিবাহ উপলক্ষে পতা অনুষ্ঠানত উপস্থিত থাকে জন চেনাৰ বহুকেইগৰাকী বন্ধু-বান্ধৱীকে ধৰি আত্মীয়-স্বজন। এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা দুয়োগৰাকীৰ সম্পৰ্কক লৈ বিগত দিনত তীব্ৰ চৰ্চা হৈছিল আৰু শ্বে শ্বৰিয়াজ্জাডেহৰে বিবাহপাশত আবদ্ধ হৈ ৪৩ বছৰীয়া জন চেনাই এনে চৰ্চাৰ ইতিৰেখা টানিলে।

উল্লেখ্য WWEৰ ১৬ বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰা জনপ্ৰিয় ৰেষ্টলাৰগৰাকীয়ে পূৰ্বতে এলিজাবেথ হাবাৰডিউৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল যদিও এই বিবাহ মাত্ৰ ৩ বছৰহে টিকে। বৰ্তমান বৈবাহিক সম্পৰ্ক স্থাপন কৰা শ্বে শ্বৰিয়াজ্জাডেহ ইৰাণৰ কন্যা যদিও কানাডাৰ নাগৰিক।

You might also like