এজন খেলুৱৈৰ ওপৰত নির্ভৰ নকৰিব
🔹 টীম ইণ্ডিয়ালৈ পৰামর্শ কপিল দেৱৰ
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আইচিচি চেম্পিয়নছ ট্ৰফীৰ পূর্বে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিলে প্রাক্তন কিংবদন্তি পেচ বলাৰ কপিল দেৱে৷ আঠটা দলৰ মাজত হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’ব৷ ১৯ ফেব্রুৱাৰীৰ পৰা ৯ মার্চলৈ চলিবলগীয়া প্রতিযোগিতাখনত ভাৰতে হাইব্রিড মডেলৰ অধীনত ডুবাইত খেলিব৷ কলকাতাত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত কপিল দেৱে কয় যে ভাৰতীয় দলৰ প্রতিজন খেলুৱৈয়ে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে৷ মই দলটোক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ৷ প্রতিজন খেলুৱৈয়ে গুৰুত্বপূর্ণ, কিন্তু যেতিয়া চেম্পিয়নশ্বিপ জিকিব লাগে, তেতিয়া এজন খেলুৱৈৰ ওপৰত নির্ভৰ কৰিলে নহ’ব৷ দলৰ প্রতিজনেই উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ আশা কৰিছোঁ- টীম ইণ্ডিয়াই দেশলৈ চেম্পিয়নছ ট্রফী কঢ়িয়াই আনিব পাৰিব৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচখন ২৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ২০ ফেব্রুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি চেম্পিয়নছ ট্রফীত অভিযান আৰম্ভ কৰিব ৰোহিত বাহিনীয়ে৷ ইপিনে, ২ মার্চত নিউজিলেণ্ডৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচ খেলিব ভাৰতীয় দলটোৱে৷