টি–২০ শৃংখলা নেখেলে উইলিয়ামছনে
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখনীয়া টি–২০ শৃংখলাটোৰ প্রাকমুহূর্তত এক মোক্ষম আঘাতৰ সন্মুখীন হ’ল ভ্রমণকাৰী দল নিউজিলেণ্ড৷ দলটোৰ অধিনায়ক কেন উইলিয়ামছনে আসন্ন টি–২০ শৃংখলাটোৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ টীম ইণ্ডিয়াৰ বিপক্ষে ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোত অধিক মনোনিৱেশ কৰাৰ বাবেই উইলিয়ামছনে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোত নেখেলাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উইলিয়ামছনৰ অনুপস্থিতিত কাইলৈৰ প্রথমখন টি–২০ মেচত জ্যেষ্ঠ পেচ বলাৰ টিম ছাউডিয়ে নিউজিলেণ্ড দলটোক নেতৃত্ব দিব৷ নিউজিলেণ্ড ক্রিকেট ব’ডৰ এক বিবৃতিত এই কথা সদৰী৷ দুয়ো দেশৰ মাজৰ টি–২০ শৃংখলাটোৰ দ্বিতীয় আৰু তৃতীয়খন মেচ ক্রমে ১৯ নৱেম্বৰত ৰাঁচীত আৰু ২১ নৱেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব৷