নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত–দ্রাবিড় যুগ আৰম্ভ

জয়পুৰত আজি টীম ইণ্ডিয়া–নিউজিলেণ্ডৰ প্রথম টি–২০

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ বিৰাট কোহলি আৰু ৰবি শাস্ত্রী যুগৰ অন্ত পৰাৰ পিছত এইবাৰ আৰম্ভ হ’ল ৰোহিত–দ্রাবিড় যুগ৷ সদ্যসমাপ্ত টি–২০ বিশ্বকাপৰ পিছতে কোহলিয়ে টি–২০ৰ অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ বিপৰীতে ৰবি শাস্ত্রীক মুখ্য প্রশিক্ষক পদৰ পৰা অব্যাহতি দিয়া হৈছে৷ কোহলিৰ স্থানত ৰোহিত শর্মাক টীম ইণ্ডিয়াৰ টি–২০ৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দ্য ৱালখ্যাত দ্রাবিড়ক দলটোৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷

আজিৰে পৰা নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া ঘৰুৱা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ পৰাই আৰম্ভ হ’ব ৰোহিত–দ্রাবিড়ৰ যুগ৷ টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ প্রথমখন টি–২০ মেচ কাইলৈ জয়পুৰত খেলোৱা হ’ব৷ আজিৰে পৰা আৰম্ভ হ’বলগীয়া এই টি–২০ মেচৰ শৃংখলাটোৰ পৰাই এক নতুন যুগৰ সূচনা কৰিব বিচাৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ কেইবাগৰাকীও নৱাগত খেলুৱৈৰে সমৃদ্ধ দলটোক লৈ আত্মবিশ্বাসী অধিনায়ক ৰোহিত শর্মা৷

আজিৰ মেচখন সন্দর্ভত ৰোহিত শর্মাই কয় যে আই পি এলত উন্নত প্রদর্শন দাঙি ধৰা ভেংকটেশ আয়াৰে শৃংখলাটোৰ আটাইকেইখন মেচতে খেলাৰ সম্ভাৱনা আছে৷ ৰাহুলৰ সৈতে তেওঁ ইনিংছ মুকলি কৰিব বুলি উল্লেখ কৰি ৰোহিত শর্মাই লগতে কয় যে ঈশান কিশন আৰু ঋতুৰাজ গাইকোৱাডকো অধিক সুযোগ দিয়া হ’ব৷ ইফালে, সদ্যসমাপ্ত বিশ্বকাপত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱৰা সূর্য কুমাৰ যাদৱক বেটিং ক্রমৰ ৪ নম্বৰ স্থানত পঠিওৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি ইংগিত দিছে ৰোহিত শর্মাই৷ আনহাতে, ভুবনেশ্বৰ কুমাৰক নিজৰ ছন্দ ঘূৰাই অনাৰ বাবে অধিক সুযোগ দিয়া হ’ব বুলিও অধিনায়কগৰাকীয়ে মন্তব্য কৰি কয় যে অশ্বিনৰ লগতে ৰবীন্দ্র জাদেজাৰ স্থানত অক্ষৰ পেটেলে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷
খেলৰ সময়ঃ  নিশা ৭ বজাত৷

You might also like