খেল’ ইণ্ডিয়া ডেচব’ৰ্ড মুকলি ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ
বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰঃ খেল’ ইণ্ডিয়া আঁচনি সম্পৰ্কে জনসাধাৰণ আৰু ক্ৰীড়াবিদসকলে তথ্য লাভত সহায়ৰ লক্ষ্যৰে ২৩ ডিচেম্বৰত নতুন দিল্লীত ‘খেল’ ইণ্ডিয়া ডেচব’ৰ্ড’ মুকলি কৰা হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এই নতুন ডেচব’ৰ্ড মুকলি কৰে। ইয়াত খেল’ ইণ্ডিয়া আঁচনি আৰু খেল’ ইণ্ডিয়া ইভেন্টৰে জড়িত সকলো তথ্য সন্নিৱিষ্ট কৰা হৈছে। খেল’ ইণ্ডিয়া ডেচব’ৰ্ডত প্ৰতিখন ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু খেলপথাৰৰ উন্নয়নৰ অৰ্থে ভিন্ন প্ৰকল্পৰ অৱস্থা সম্পৰ্কে শেহতীয়া তথ্য উপলব্ধ হৈছে। এই প্লেটফৰ্মত লগতে খেল’ ইণ্ডিয়া কেন্দ্ৰ (KIC), খেল’ ইণ্ডিয়া একাডেমী, এছএআই ট্ৰেইনিং চেন্টাৰ আৰু নেচনেল চেন্টাৰ অৱ এক্সেলেন্স (NCOE) সমূহৰ সম্পৰ্কেও এটা ডাটাবেছ আছে। যি তথ্য ভাণ্ডাৰে ক্ৰীড়াবিদসকলক নিকটৱৰ্তী ষ্টেডিয়াম/খেলপথাৰখন বিচাৰি উলিয়াবলৈ সহায় কৰিব যিসমূহত বিশিষ্ট প্ৰশিক্ষকে বিভিন্ন শিতানত ক্ৰীড়া প্ৰশিক্ষণ আগবঢ়াই আছে। অসমত খেল’ ইণ্ডিয়াৰ ৮ টা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ ভিতৰত তিনিচুকীয়া আৰু লখিমপুৰ জিলাত ২টাৰ কাম অব্যাহত আছে। ইতিমধ্যে ৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু এটা প্ৰকল্প আৰম্ভ হ’বলৈ বাকী আছে। ৰাজ্যখনত ১৫খন জিলা সামৰি ৫৯টা অলিম্পিক পৰ্য্যায়ৰ ক্ৰীড়া সুবিধা আছে। অসমত ১৩ টা ক্ৰীড়া শিতানত ৪৯ টা অধিসূচিত খেল’ ইণ্ডিয়া কেন্দ্ৰ আছে। ইয়াত ৪৪ জন চেম্পিয়ন এথলীট প্ৰশিক্ষক হিচাপে নিয়োজিত হৈছে। খেল’ ইণ্ডিয়া ডেচব’ৰ্ড সময়মতে আপডেট কৰা হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে এক অনন্য ওৱান-ষ্টপ প্লেটফৰ্ম প্ৰশস্ত কৰা যাৰ জৰিয়তে দেশখনৰ প্ৰতিগৰাকী নাগৰিকে খেল’ ইণ্ডিয়া আঁচনিৰ ভিন্ন সুযোগ সম্পৰ্কীয় সকলো তথ্য লাভ কৰিব পাৰিব।