আইপিএলৰ উদ্বোধনী মেচত KKR বনাম RCB
নিউজ ডেস্ক, ২২ মাৰ্চঃ বছৰজোৰা প্রতীক্ষাৰ অন্ত৷ আজিৰে পৰা আৰম্ভ হ’ব বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতা আইপিএলৰ অষ্টাদশ সংস্কৰণ৷ উদ্যোগপতি, চেলিব্রিটী আৰু তাৰকা ক্রিকেটাৰেৰে সমৃদ্ধ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ উদ্বোধনী মেচখনত, বিশেষকৈ মূল যুঁজ হ’ব বিৰাট কোহলি আৰু আজিংক্য ৰাহানেৰ মাজত৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’বলগীয়া এই হাইভ’ল্টেজ মেচখনৰ পূর্বে অনুৰাগীয়ে উপভোগ কৰিব পাৰিব এঘণ্টাজোৰা বর্ণিল উদ্বোধনী অনুষ্ঠান৷ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এঘণ্টাজোৰা উদ্বোধনী অনুষ্ঠানত বলীউডৰ জনপ্রিয় অভিনেত্রী দিশা পাটানীয়ে অনুৰাগীক মুগ্ধ কৰাৰ লগতে দেশৰ জনপ্রিয় গায়িকা শ্রেয়া ঘোষাল আৰু বলীউডৰ জনপ্রিয় গীত ‘তৌবা তৌবা’ৰ বাবে বিখ্যাত কৰণ আউজলাৰ সুৰীয়া কণ্ঠত আপ্লুত হৈ পৰিব অনুৰাগী৷ আইপিএলৰ বর্ণিল উদ্বোধনী অনুষ্ঠানত বলীউডৰ আন কেইবাগৰাকীও জনপ্রিয় তাৰকাৰ লগতে বিচিচিআইৰ বিষয়ববীয়া আৰু আইচিচিৰ অধ্যক্ষ জয় শ্বাহো উপস্থিত থকাৰ সম্ভাৱনা আছে৷ বিগত কেইদিনমানৰ পৰা ঘৰুৱা দল কলকাতা নাইট ৰাইডার্ছে অনুশীলন কৰি থকাৰ সময়তে তাৰকা ক্রিকেটাৰ বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ দলটো কলকাতাত উপস্থিত হোৱাৰ পাছতে মহানগৰীখনত ক্রিকেটৰ উন্মাদনা তুংগত উঠিছে যদিও কাইলৈৰ উদ্বোধনী মেচখনত বৰুণ দেৱতাৰ কোপদৃষ্টি পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ স্থানীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা মতে, আইপিএলৰ উদ্বোধনী মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ সম্ভাৱনাই অধিক৷ আজি কলকাতাত অৰেঞ্জ এলার্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷দিনটোত কলকাতাত বৰষুণৰ সম্ভাৱনা ৭৪ শতাংশ৷ সন্ধিয়া বৰষুণৰ সম্ভাৱনা ৯০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ বৃহস্পতিবাৰৰ বাবে দেওবাৰলৈ দক্ষিণ বংগত বজ্রপাতৰ লগতে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আইএমডিয়ে প্রকাশ কৰিছে৷ বতৰ বিজ্ঞান বিভাগৰ এই সতর্কবাণীৰ পাছত কলকাতা নাইট ৰাইডার্ছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ মাজৰ মেচখন পণ্ড হোৱাৰ অধিক সম্ভাৱনা আছে৷ ইপিনে, আইপিএলৰ উদ্বোধনী মেচখনৰ এদিন পূর্বে ইডেন গার্ডেনত টিকটৰ বাবে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে অনুৰাগীয়ে৷ আইপিএলৰ এই উদ্বোধনী মেচখনৰ টিকট ক’লা বজাৰত বিক্রী হোৱা বুলি অভিযোগ আনিছে অনুৰাগীয়ে৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷