৮ উইকেটত জয় KKRৰ, ক্রমাগত পঞ্চম পৰাজয় CSKৰ, ঘৰৰ মাটিতে ধূলিস্যাৎ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ এপ্ৰিলঃ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত ক্রমাগত পঞ্চমটো পৰাজয়ৰ সন্মুখীন হৈছে৷ চেন্নাইত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ঘৰুৱা দল চেন্নায়ে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ হাতত আঠ উইকেটত পৰাস্ত হয়৷ মেচখনত বিজয় সাব্যস্ত কৰি কলকাতাই পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সুনীল নাৰিনৰ ১৮ বলত দর্শনীয় ৪৪ ৰানৰ সহায়ত কলকাতাই ১০.১ অভাৰতে দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ নাৰিনৰ ইনিংছটোত আছিল দুটা চাৰি আৰু পাঁচটা ছয়৷ অ’পেনাৰ কুইণ্টন ডি ক’কে ২৩, অধিনায়ক আজিংক্য ৰাহানেই অপৰাজিত ২০ আৰু ৰিংকু সিঙে ১৫ ৰান কৰি নটআউট হৈ থাকে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি কলকাতা নাইট ৰাইডার্ছৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১০৩ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ প্রথমৰ পৰাই বিপর্যয়ৰ সন্মুখীন হোৱা চেন্নাইৰ হৈ সর্বাধিক অপৰাজিত ৩১ ৰান কৰে শিৱম ডুবেই৷ বিজয় শংকৰে ২৯, ৰাহুল ত্রিপাঠীয়ে ১৬, ডেভ’ন ক’নৱেই ১২ আৰু ৰাচিন ৰবীন্দ্রই চাৰি ৰান কৰি পেভিলিয়নমুখী হয়৷ দলটোৰ সাতগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ চলিত আইপিএলত চেন্নাই দলক প্রথমবাৰৰ বাবে নেতৃত্ব দিয়া মহেন্দ্র সিং ধোনীয়ে মাত্র ১ ৰান কৰি পেভিলিয়নমুখী হয়৷ কলকাতাৰ হৈ সুনীল নাৰিনে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে হর্ষিত ৰাণা আৰু বৰুণ চক্রৱর্তী উভয়ে দুটাকৈ তথা বৈভৱ আৰোৰা আৰু মঈন আলী উভয়ে এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে কলকাতাই ছখন মেচৰ তিনিখনত জয় আৰু তিনিখনত পৰাস্ত হোৱাৰ বিপৰীতে চেন্নায়ে ৬খন মেচৰ মাত্র এখনতহে জয়লাভ কৰিছে৷