১২ বছৰ পূর্বে কোহলি-য়ে দিয়া উপহাৰৰ কথা ৰোমন্থন তেণ্ডুলকাৰৰ
🔹 'তুমি অনুৰাগী আৰু খেলুৱৈক দি গৈছা এটা প্রজন্ম'
নিউজ ডেস্ক, ১৩ মে’ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি-য়ে কালি টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰে৷ ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত বহুতো অভিলেখ প্রতিষ্ঠা কৰা কোহলিয়ে আকস্মিকভাৱে গ্রহণ কৰা অৱসৰৰ সিদ্ধান্তত তেওঁৰ অনুৰাগীসকলৰ লগতে ক্রিকেট জগতৰ বহুতো মহান খেলুৱৈয়ে আশ্চর্য প্রকাশ কৰিছে৷ তাৰকা ক্রিকেটাৰগৰাকীয়ে যথেষ্ট ফিট থকাৰ পিছতো কিয় অৱসৰ গ্রহণ কৰিলে, তাক লৈ অনুৰাগীৰ মাজত চলিছে চর্চা৷ টেষ্ট ক্রিকেটৰ পৰা কোহলিয়ে অৱসৰ ঘোষণা কৰাৰ পিছতেই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে৷ ক্রিকেটৰ ভগৱানে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি বিৰাটৰ সৈতে তেওঁৰ পুৰণি দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি ভৱিষ্যতৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে৷ তেণ্ডুলকাৰে কোহলি সন্দর্ভত ইনষ্টাগ্রাম পোষ্টত লিখিছে- ‘টেষ্টৰ পৰা অৱসৰ লোৱাৰ পাছত ১২ বছৰ পূর্বে মোৰ অন্তিম টেষ্টৰ সময়ত তুমি কৰা চিন্তনীয় মন্তব্যবোৰ স্মৃতি হৈ আছে৷ তুমি মোক তোমাৰ মৃত পিতৃয়ে দিয়া এটা সূতাৰ গুলী উপহাৰ দিছিলা৷ এয়া মোৰ বাবে গ্রহণ কৰিবলৈ অত্যন্ত ব্যক্তিগত কথা আছিল, কিন্তু এই অনুভৱ হূদয়স্পর্শী আছিল আৰু তেতিয়াৰ পৰাই মোৰ লগত আছে৷ বিৰাট, তোমাৰ আছে অসংখ্য যুৱ ক্রিকেটাৰক অনুপ্রাণিত কৰিব পৰা শক্তি৷ তুমি ভাৰতীয় ক্রিকেটক কেৱল ৰানেই প্রদান কৰা নাই৷ তুমি অনুৰাগী আৰু খেলুৱৈক দি গৈছা এটা প্রজন্ম৷’