নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্রিকেট-ৰ পৰা অৱসৰ বিচাৰি বিচিচিআইলৈ পত্র কোহলিৰ

🔹 সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ক্রিকেটাৰগৰাকীক আহ্বান ব’ৰ্ডৰ

নিউজ ডেস্ক, ১১ মে’ : ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাই বিগত ৭ মে’ত আকস্মিকভাৱে টেষ্ট ক্রিকেট-ৰ পৰা লোৱা অৱসৰৰ সিদ্ধান্তই সকলোকে হতবাক কৰি তোলাৰ কেইদিনমান পিছতে ৰোহিত শর্মাৰ সতীর্থ বিৰাট কোহলিয়েও টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ ইচ্ছা ব্যক্ত কৰিছে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰগৰাকীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ ইচ্ছা প্রকাশ কৰাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঘনিষ্ঠ সূত্রৰ মতে, ৩৬ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰাৰ ইংগিত প্রদান কৰিছে৷ ২০১১ চনত টেষ্টত অভিষেক ঘটোৱা কোহলিয়ে বিগত দশকত ভাৰতৰ ৰেডবলৰ পুনৰ উত্থানৰ মূল ভেটি হৈ আহিছে৷ ক্রিকেটাৰগৰাকীৰ আগ্রাসী অধিনায়কত্ব, দুর্দান্ত বেটিং আৰু অতুলনীয় প্রদর্শনে ভাৰতক দেশ–বিদেশ উভয়তে শক্তিশালী টেষ্ট দললৈ ৰূপান্তৰ কৰাত সহায় কৰিছে৷ ক্রিকেটৰ এই ফর্মেটত ৯ হাজাৰৰো অধিক ৰান আৰু ৩০টাকৈ শতক কৰাৰ গৌৰৱ অর্জন কৰিছে কোহলিয়ে৷ অৱশ্যে এইগৰাকী শ্রেষ্ঠ বেটাৰক এতিয়াও টেষ্ট ক্রিকেটৰ পৰা বিদায় দিবলৈ বিচৰা নাই বিচিচিআয়ে৷ খবৰ অনুসৰি বিচিচিআইৰ শীর্ষ বিষয়াসকলে কোহলিৰ সৈতে যোগাযোগ কৰি তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে৷ বিশেষকৈ ইংলেণ্ড ভ্রমণৰ কথা বিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে কোহলিক৷ কিয়নো ২০ জুনৰ পৰা ইংলেণ্ড আৰু তাৰ পিছত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকা ভ্রমণ কৰিব ভাৰতীয় ক্রিকেট দলটোৱে৷ বিচিচিআইৰ এজন শীর্ষ বিষয়াই কয় যে কোহলি এতিয়াও অবিশ্বাস্যভাৱে ফিট আৰু ৰান সংগ্রহৰ বাবে ক্ষুধাতুৰ৷ ড্রেছিং ৰুমত তেওঁৰ উপস্থিতিয়ে সমগ্র দলটোক উজ্জীৱিত কৰি ৰাখে৷ আমি তেওঁক চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে কিছু সময় উলিয়াবলৈ অনুৰোধ জনাইছোঁ৷ অৱশ্যে কোহলিয়ে এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ একাংশ অনুৰাগী আৰু প্রাক্তন ক্রিকেটাৰে ছ’চিয়েল মিডিয়াত ক্রিকেটাৰগৰাকীৰ সমর্থনত প্রকাশ কৰিছে কিছু বার্তা৷ কিংবদন্তিগৰাকীক টেষ্ট ফর্মেটত আন এক সুযোগ দিয়া হ’ব বুলি আশা কৰিয়েই অনুৰাগীসকলে প্রতিক্রিয়া প্রকাশ কৰে৷ উল্লেখ্য যে অন্তিম অষ্ট্রেলিয়া ভ্রমণৰ পৰাই কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা কৰি আহিছিল৷ কোহলিয়ে ১২৩খন টেষ্টত দেশক প্রতিনিধিত্ব কৰি ৯২৩০ ৰান সংগ্রহ কৰিছে৷ মন কৰিবলগীয়া যে বিগত বর্ষত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ খিতাপ জয় কৰি ক্রিকেটৰ হ্রস্ব সংস্কৰণটোৰ পৰা অৱসৰ লৈছিল বিৰাট কোহলিয়ে৷

You might also like