নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আৰচিবিৰ অধিনায়কৰ দায়িত্বত কোহলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আগন্তুক আই পি এলত নতুন চমক৷ পুনৰ অধিনায়ক হিচাপে ঘূৰি আহিব পাৰে বিৰাট কোহলি। ক্রিকেট মহলত আৰম্ভ হৈছে এনে জল্পনা–কল্পনা৷ শুনা গৈছে যে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু কর্তৃপক্ষই নিলামৰ পৰা ‘যোগ্য’ খেলুৱৈক বিচাৰি নাপালে পুনৰ অধিনায়কত্বৰ দায়িত্ব কোহলিৰ হাতত গতাই দিয়াৰ অধিক সম্ভাৱনা আছে৷ অৱশ্যে কোহলিয়ে এই কথাত সন্মতি দিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সংবাদ মাধ্যমৰ দাবী অনুসৰি আৰ চি বিয়ে ট্রফী দখলৰ ব্যর্থতাৰ অন্ত পেলাবলৈ বিচাৰিছে৷ যোৱা তিনিটা ছিজনত দলটোক নেতৃত্ব দিয়া ফাফ ডু প্লেছিছৰ বয়স বৃদ্ধি পাইছে৷ তেওঁক হয়তো পুনৰ ধৰি নাৰাখিব পাৰে ফ্রেঞ্চাইজীটোৱে৷ নিলামৰ পূর্বে শুভমান গিলৰ সৈতে যোগাযোগ কৰিছিল আৰচিবি কর্তৃপক্ষই৷ পৰিকল্পনা আছিল তেওঁক নিলামত কিনি অধিনায়কত্বৰ দায়িত্ব গতাই দিয়া৷ কিন্তু গিলে গুজৰাট টাইটানছ এৰিব নিবিচাৰে৷ সেইক্ষেত্রত আৰচিবিয়ে শুভমন গিলক ক্রয় কৰাটো সম্ভৱপৰ নহ’ব৷ অধিনায়ক হিচাপে আৰচিবিৰ প্রথম পছন্দ আছিল গিল৷ আন দুই এজনৰো তালিকাত নাম আছে৷ আৰচিবিৰ সূত্র অনুসৰি কোনো যোগ্য খেলুৱৈক বিচাৰি নাপালে কোহলিৰ ওপৰত পুনৰ অধিনায়কৰ দায়িত্ব অর্পণ কৰাৰ সম্ভাৱনা অধিক৷ ২০২১ চনলৈকে ফ্রেঞ্চাইজীটোৰ অধিনায়কৰ দায়িত্বত আছিল কোহলি৷ কিন্তু ধাৰাবাহিক বিফলতাৰ বাবে হঠাতে তেওঁ অধিনায়কৰ পদ ত্যাগ কৰে৷ পৰৱর্তী ৩বছৰত আৰচিবিৰ প্রদর্শনৰ বিশেষ ডন্নতি নহ’ল৷ মেনেজমেণ্টে অনুভৱ কৰিছে যে ২০২১ চনৰ আগতে বিৰাটৰ ওপৰত যথেষ্ট হেঁচা আছিল৷ তেতিয়া তেওঁ ভাৰতৰ জাতীয় দলৰ অধিনায়ক আছিল৷ তেওঁ নিয়মিতভাৱে তিনিটা ফর্মেটত খেলিছিল৷ কিন্তু এতিয়া তেওঁ বহুত ষ্ট্রেছ ফ্রী৷ বিৰাট এতিয়া কোনো ফর্মেটত ভাৰতৰ অধিনায়ক নহয়৷ টি–২০ৰ পৰা অৱসৰ লৈছে৷ ফলত তেওঁ মানসিক চাপমুক্ত হৈ পৰে৷ গতিকে যদি তেওঁক পুনৰ আৰচিবিৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হয় তেন্তে তেওঁ মান্তি হ’ব পাৰে৷ কিন্তু সকলো নির্ভৰ কৰে আৰচিবিয়ে নিলামত তেনেকুৱা কাৰোবাক তুলি ল’ব পাৰিবনে নাই তাৰ ওপৰত৷

You might also like