দশকৰ শ্রেষ্ঠ পুৰুষ ক্রিকেটাৰ কোহলি
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে বিগত ১০ বছৰৰ শ্রেষ্ঠ পুৰুষ ক্রিকেটাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে প্রদান কৰা দশকৰ শ্রেষ্ঠ পুৰুষ ক্রিকেটাৰ হিচাপে ভাৰতৰ তাৰকাগৰাকীয়ে আজি সন্মানীয় ছাৰ গাৰফিল্ড ছ’বার্ছ বঁটা গ্রহণ কৰে৷ কোহলিয়ে এই সন্মানীয় বঁটা লাভৰ ক্ষেত্রত ভাৰতৰ ৰবিচন্দ্রন অশ্বিন, ইংলেণ্ডৰ জ’ ৰুট, শ্রীলংকাৰ কুমাৰ ছাংগাকাৰা, অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথ, দক্ষিণ আফ্রিকাৰ এ বি ডি ভিলিয়ার্ছ আৰু নিউজিলেণ্ডৰ কেন উইলিয়ামছনক চেৰ পেলায়৷
ইফালে, দশকৰ শ্রেষ্ঠ এদিনীয়া ক্রিকেটাৰ হিচাপেও নির্বাচিত হৈছে বিৰাট কোহলি৷ উল্লেখ্য যে ক্রিকেটৰ আটাইকেইটা সংস্কৰণত বিগত এটা দশকত দুর্দান্ত বেটিঙেৰে টীম ইণ্ডিয়াৰ তাৰকাগৰাকীয়ে ৰানৰ পাহাৰ গঢ়িছে৷ এইপর্যন্ত এদিনীয়াত তেওঁ ১২,০৪০ ৰান, টেষ্টত ৭,৩১৮ ৰান আৰু টি–২০ত ২,৯২৮ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ষ্টিভেন স্মিথক আই চি চিৰ দশকৰ শ্রেষ্ঠ টেষ্ট ক্রিকেটাৰৰ বঁটা আগবঢ়োৱা হৈছে৷ আফগানিস্তানৰ তাৰকা অলৰাউণ্ডাৰ ৰশ্বিদ খানে আই চি চিৰ দশকৰ শ্রেষ্ঠ টি–২০ ক্রিকেটাৰৰ বঁটা লাভ কৰিছে৷ ভাৰতৰ একালৰ কিংবদন্তি উইকেটৰক্ষক আৰু প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে আই চি চিৰ দশকৰ শ্রেষ্ঠ স্পিৰিট অৱ ক্রিকেট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷