আন এক মাইলৰ খুঁটিত বিৰাট কোহলি
🔹 খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে অভিলেখৰ পৃষ্ঠাত নাম সন্নিৱিষ্ট
নিউজ ডেস্ক, ১০ মার্চ : চেম্পিয়নছ ট্রফীৰ ফাইনেলত খেলাৰ বাবে খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে অভিলেখৰ পৃষ্ঠাত নাম সন্নিৱিষ্ট হয় টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ৷ এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীৰ তৃতীয়খন ফাইনেলত অংশগ্রহণ কৰা কোহলি ৫৫০খন আন্তঃৰাষ্ট্রীয় মেচ খেলা দ্বিতীয়জন ভাৰতীয় ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷ ভাৰতীয় হিচাপে এই তালিকাৰ শীর্ষত আছে কিংবদন্তি শচীন তেণ্ডুলকাৰ৷ মাষ্টাৰ ব্লাষ্টাৰে ৬৬৪খন আন্তঃৰাষ্ট্রীয় মেচত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছে৷ ২০১৩ চনত অৱসৰ গ্রহণ কৰা শচীনে ২০০খন টেষ্ট, ৪৬৩খন এদিনীয়া আৰু এখন টি–২০ মেচ খেলিছিল৷ কোহলিয়ে এতিয়ালৈকে ১২৩খন টেষ্ট, ৩০২খন এদিনীয়া আৰু ১২৫খন টি–২০খন খেলিছে৷ ৫৩৮খন মেচ খেলি এই তালিকাৰ তৃতীয় স্থানত আছে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনী৷ চতুর্থ স্থানত আছে ৰাহুল দ্রাবিড় (৫০৯)৷