ৰঞ্জি ট্রফীৰ বাবে দিল্লী দলত কোহলি–পণ্ট
🔹 যুৱ খেলুৱৈৰ নেতৃত্বত খেলিব দুই অভিজ্ঞ ক্ৰিকেটাৰে
নিউজ ডেস্ক, ১৮ জানুৱাৰী : বিচিচিআয়ে এতিয়াৰ পৰা ভাৰতীয় দললৈ নির্বাচিত হোৱাৰ বাবে সকলো খেলুৱৈৰ বাবে ঘৰুৱা ক্রিকেটত অংশগ্রহণ বাধ্যতামূলক কৰিছে৷ অন্যথা কোনো খেলুৱৈয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ নকৰিব৷ ইয়াৰ পিছতো যদি জাতীয় দলৰ কোনো খেলুৱৈয়ে ঘৰুৱা ক্রিকেট প্রতিযোগিতাৰ পৰা বিৰতি ল’ব বিচাৰে, তেতিয়া খেলুৱৈগৰাকীয়ে বাছনি সমিতিক আগতীয়াকৈ অৱগত কৰিব লাগিব বুলি বিচিচিআয়ে স্পষ্ট কৰি দিছে৷ এনে কঠোৰ নিয়ম প্রৱর্তনৰ পিছত এতিয়া ভাৰতীয় দলৰ ছিনিয়ৰ খেলুৱৈসকলেও নিয়ম মানি চলিবলৈ বাধ্য হৈ পৰিছে৷ ৰঞ্জি ট্ৰফীৰ বাবে দিল্লীয়ে ঘোষণা কৰা দলতো দেখা গৈছে ইয়াৰ প্রভাৱ৷ ভাৰতীয় ক্রিকেট দলৰ অন্যতম অভিজ্ঞ তাৰকা বিৰাট কোহলিক ৰঞ্জি ট্ৰফীৰ বাবে ঘোষিত দলটোত অন্তর্ভুক্ত কৰিছে দিল্লীয়ে৷ কোহলিৰ লগতে দলটোত স্থান দিয়া হৈছে ঋষভ পণ্টকো৷ উল্লেখ্য যে সুদীর্ঘ ১৩ বছৰৰ পিছত ৰঞ্জি ট্ৰফীলৈ প্রত্যাৱর্তন ঘটিব বিৰাট কোহলিৰ৷ একেদৰে ঋষভ পণ্টকো ৮ বছৰৰ দীঘলীয়া সময়ৰ পিছত এই প্রতিযোগিতাত দেখা যাব৷ লক্ষণীয়ভাৱে এই দুয়োগৰাকী অভিজ্ঞ খেলুৱৈয়ে এগৰাকী যুৱ খেলুৱৈৰ নেতৃত্বত খেলিব ৰঞ্জি ট্ৰফীত৷ দিল্লীৰ ঘোষিত এই দলটোত অধিনায়কৰ দায়িত্বত আছে আয়ুস বাদনী৷ অৱশ্যে দলত স্থান লাভ কৰিলেও সৌৰাষ্ট্রৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক মেচখনত কোহলিৰ অংশগ্রহণ নিশ্চিত হোৱা নাই৷ কোহলি সম্প্রতি ডিঙিৰ আঘাতত ভুগিছে আৰু ডিঙিৰ বিষৰ পৰা পৰিত্রাণ পাবলৈ বেজীও লৈছে৷ যদি কোহলি ফিট নহয়, তেন্তে তেওঁ এই মেচত খেলিব নোৱাৰিব যদিও ৰাজকোটত দলৰ সৈতে তেওঁ নিশ্চিতভাৱে উপস্থিত থাকিব৷ আনহাতে, পণ্টে এই মেচখন খেলাটো নিশ্চিত৷