আইপিএলৰ পূর্বে অনুৰাগীলৈ বিৰাট আহ্বান কোহলিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ আইপিএললৈ মাজতে মাথোঁ এটা দিন বাকী থকা অৱস্থাত অনুৰাগীলৈ এক বিশেষ আবেদন জনালে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ ইতিমধ্যে আৰচিবিৰ শিবিৰত যোগদান কৰা কোহলিয়ে তেওঁক ‘কিং কোহলি’ বুলি নামাতিবলৈ অনুৰাগীক আহ্বান জনাইছে৷ মঙলবাৰে সন্ধিয়া বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হয় আৰচিবিৰ জার্ছী উন্মোচন৷ উক্ত অনুষ্ঠানত উপস্থিত থকা বিৰাট কোহলিক আয়োজকে ‘কিং কোহলি’ বুলি সম্বোধন কৰে৷ লগে লগে কোহলিয়ে কলে যে তেওঁক কিং বুলি ক’ব নালাগে৷ প্লিজ মোক সেই নামেৰে মাতিবলৈ বন্ধ কৰক৷ মাত্র মোক বিৰাট বুলি মাতিব৷ মই ফাফ ডু প্লেচিছকো কৈ আহিছিলো যে প্রতিবছৰে মোক সেই নামেৰে মাতিলে মই লাজ পাওঁ৷ অনাগত দিনত মোক তেনেকৈ সম্বোধন নকৰিব৷ মোৰ লাজ লাগে৷ উল্লেখ্য যে শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে আইপিএলত অভিযান আৰম্ভ কৰিব৷