নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিং কোহলিৰ অভিলেখ স্পর্শ সূর্যকুমাৰ যাদৱৰ

বিশেষ বাৰ্তা, ২৯ জুলাই : শ্রীলংকাৰ বিৰুদ্ধে প্রথমখন টি–২০ মেচত বিৰাট কোহলিৰ কীর্তি স্পর্শ কৰিছে সূর্যকুমাৰ যাদৱে৷ পৰহি ৫৮ ৰানৰ ইনিংছ খেলি মেচখনৰ শ্রেষ্ঠ ক্রিকেটাৰৰ পুৰস্কাৰ লাভ কৰিছে ভাৰতৰ নতুন টি–২০ অধিনায়কগৰাকীয়ে৷ ইয়াকে লৈ টি–২০ আন্তর্জাতিক ক্রিকেটত ১৬বাৰ মেচৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সূর্যকুমাৰে৷ ৬৯খন মেচ খেলি ১৬বাৰ শ্রেষ্ঠ সন্মান অর্জন কৰে তেওঁ৷ উল্লেখ্য যে কোহলিয়ে ১৬খন আন্তর্জাতিক টি–২০ মেচত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে৷ অৱশ্যে তেওঁ খেলিছে ১২৫খন মেচ৷ সেই অর্থত কোহলিৰ প্রায় অর্ধেক মেচ খেলিয়েই তেওঁৰ অভিলেখ স্পর্শ কৰিলে সূর্যকুমাৰে৷ এই তালিকাৰ তৃতীয় স্থানত আছে ছিকন্দৰ ৰাজা৷ জিম্বাব’ৱেৰ অধিনায়কগৰাকীয়ে ৯১খন টি–২০ মেচ খেলি ১৫বাৰ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছে৷ চতুর্থ স্থানত আছে আফগানিস্তানৰ মহম্মদ নবী৷ অভিজ্ঞ অলৰাউণ্ডাৰগৰাকীয়ে ১২৯খন মেচ খেলি ১৪বাৰ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছে৷ তেওঁৰ সৈতে আছে ৰোহিত শর্মা৷ বিগত টি–২০ বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়কগৰাকীয়ে ১৫৯খন টি–২০ মেচ খেলি ১৪বাৰ দখল কৰিছে শ্রেষ্ঠ খেলুৱৈৰ সন্মান৷ পৰহি শ্রীলংকাৰ বিৰুদ্ধে টি–২০ ক্রিকেটত ভাৰতীয় দলৰ অধিনায়কত্ব লাভ কৰাৰ পিছতে কোহলিৰ অভিলেখ স্পর্শ কৰে সূর্যকুমাৰে৷ মেচখনত ভাৰতৰ বিজয়তো মুখ্য ভূমিকা গ্রহণ কৰে অধিনায়কগৰাকীয়ে৷

You might also like