ভাতৃ হার্দিকৰ পৰা এদিনীয়া অভিষেকৰ বিশেষ টুপী গ্রহণ কৰি আৱেগিক ক্রুনাল
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু প্রথম শ্রেণীৰ ক্রিকেটত বৰোদাৰ হৈ চমকপ্রদ প্রদর্শনেৰে প্রতিভাৰ প্রমাণ দিয়া বাঁওহতীয়া অলৰাউণ্ডাৰ ক্রুনাল পাণ্ডিয়াই মঙলবাৰে এদিনীয়া অভিষেক ঘটায়৷
টীম ইণ্ডিয়াৰ হৈ ইতিমধ্যে ১৮খন টি–২০ খেলা ২৫ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে মঙলবাৰে পুনেত অনুষ্ঠিত প্রথম এদিনীয়াত প্রথমবাৰৰ বাবে খেলাৰ সুযোগ লাভ কৰে৷ মেচৰ পূর্বে ভাতৃ হার্দিক পাণ্ডিয়াই তেওঁক এদিনীয়া অভিষেকৰ বিশেষ টুপী আগবঢ়ায়৷
এদিনীয়া আন্তঃৰাষ্ট্রীয় টুপী নিজ ভাতৃৰ পৰা গ্রহণ কৰি ক্রুনাল কিছু সময়ৰ বাবে আৱেগিক হৈ পৰা দেখা যায়৷ শেহতীয়াকৈ বিজয় হাজাৰে এদিনীয়া ক্রিকেট প্রতিযোগিতাত দুটা শতক আৰু দুটা অর্ধশতক অর্জন কৰি নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰা বৰোদাৰ অলৰাউণ্ডাৰগৰাকীয়ে সুযোগৰ সদ্ব্যৱহাৰ কৰি অভিষেক মেচতে মঙলবাৰে উজলি উঠে৷ মাত্র ৩১টা বলত ৫৮ ৰানৰ অপৰাজিত ইনিংছ খেলি তেওঁ অভিষেককাৰী খেলুৱৈ হিচাপে এদিনীয়া ক্রিকেট ইতিহাসৰ দ্রুততম অর্ধশতক অর্জন কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পূর্বে জন মৰিছে ১৯৯০ত এদিনীয়া অভিষেকত মাত্র ৩৬টা বলত অর্ধশতক অর্জন কৰিছিল৷ অভিষেক এদিনীয়াত অভিলেখ সৃষ্টিকাৰী ইনিংছ খেলি আৱেগিক হৈ পৰা হার্দিকে কয় যে তেওঁ আজিৰ ইনিংছটো সদ্যপ্রয়াত পিতৃৰ নামত উৎসর্গা কৰিব বিচাৰে৷