অন্তিম দুখন টেষ্টলৈ দল ঘোষণা ভাৰতৰ
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে সম্প্রতি খেলি থকা চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ অন্তিম দুখন টেষ্টৰ বাবে দল ঘোষণা কৰিছে টীম ইণ্ডিয়াই৷ আগন্তুক টেষ্ট দুখনত ভাৰতীয় দলটোত মাত্র এজন খেলুৱৈৰহে সালসলনি ঘটাইছে ঘৰুৱা দলটোৱে৷ পেচ বলাৰ শার্দূল ঠাকুৰৰ স্থানত উমেশ যাদৱক আহমেদাবাদত হ’বলগীয়া টেষ্ট দুখনৰ বাবে ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰিছে৷ মন কৰিবলগীয়া যে উমেশ যাদৱক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰিছে যদিও ফিটনেছ টেষ্টত উত্তীর্ণ হোৱাৰ পিছতহে মূল একাদশত খেলোৱাৰ সম্ভাৱনা আছে৷ সম্প্রতি কলাফুলৰ আঘাতত ভুগি আছে তাৰকা পেচ বলাৰগৰাকীয়ে৷ ইপিনে, অহা ২০ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিজয় হাজাৰে ট্রফীত অংশগ্রহণৰ উদ্দেশ্যে শার্দূলক ভাৰতীয় দলটোৰ পৰা ৰিলিজ কৰি দিয়া হৈছে বুলি বি চি চি আইৰ এক বিবৃতিত আজি এই কথা সদৰী৷