নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিলামলৈ সাজু ২৯২ খেলুৱৈঃ ভাগ্য নির্ণয় হ’ব ৬১গৰাকীৰহে

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ খেলুৱৈৰ নিলাম আজি চেন্নাইত অনুষ্ঠিত হ’ব৷ ৩ বজাৰ পৰা হ’বলগীয়া এই নিলামত মুঠ ২৯২গৰাকী খেলুৱৈৰ নাম উচ্চাৰণ হ’ব আৰু ইয়াৰে মাত্র ৬১গৰাকী খেলুৱৈৰহে ভাগ্য নির্ণয় হ’ব৷ কিয়নো, প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া আঠটা ফ্রেনচাইজীৰ মাজত ৬১গৰাকী খেলুৱৈৰ স্থানহে বাকী আছে৷ প্রতিযোগিতাখনৰ খেলুৱৈ নিলামৰ বাবে ১১০০ৰো অধিক খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছিল যদিও ইয়াৰে ভিতৰত ২৯২গৰাকী খেলুৱৈক নিলামৰ বাবে বিবেচনা কৰা হয়৷ এই খেলুৱৈসকলৰ ভিতৰত ১০গৰাকী খেলুৱৈৰ বেছ প্রাইজ দুই কোটি টকা৷ ইয়াৰে ভিতৰত দুগৰাকী ভাৰতীয় খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ নিলামৰ বাবে সাজু হোৱা ২৯২গৰাকী খেলুৱৈৰ ভিতৰত ১৬৪গৰাকী ভাৰতীয়, ১২৫গৰাকী বিদেশী আৰু এছ’চিয়েট দেশৰ ৩গৰাকী খেলুৱৈ আছে৷ কাইলৈ হ’বলগীয়া এই নিলামত ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, ডেভিদ মালান, জেছন ৰয়, হৰভজন সিং, কেদাৰ যাদৱৰ লগতে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্র অর্জুন তেণ্ডুলকাৰৰ ওপৰত ফ্রেনচাইজীকেইটাৰ তীক্ষ্ণ নজৰ থাকিব৷ নিলামৰ বাবে বাছনি কৰা ২৯২গৰাকী খেলুৱৈৰ ১৬৯গৰাকীৰ বেছ প্রাইজ ২০ লাখ, চাৰিগৰাকীৰ ৩০ লাখ, ৬গৰাকীৰ ৪০ লাখ, ৬৫গৰাকীৰ ৫০ লাখ, ১৫গৰাকীৰ ৭৫ লাখ, ১১গৰাকীৰ ১ কোটি, ১২গৰাকীৰ ১.৫০ কোটি আৰু ১০গৰাকীৰ ২ কোটি৷ আনহাতে খেলুৱৈ ক্রয় কৰাৰ বাবে সর্বাধিক ধন থকা ফ্রেনচাইজীটো হ’ল কিংছ ইলেভেন পঞ্জাবৰ৷ বর্তমান ফ্রেনচাইজীটোৰ হাতত আছে ৫৩.২০ কোটি টকা৷ ইপিনে, ছানৰাইজার্ছ হায়দৰাবাদৰ ১০.৭৫ কোটি, ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ ৩৫.৪ কোটি, ৰাজস্থান ৰয়েলছৰ ৩৭.৮৫ কোটি, মুম্বাই ইণ্ডিয়ানছৰ ১৫.৩৫ কোটি, কলকাতা নাইট ৰাইডার্ছৰ ১০.৮৫ কোটি, চেন্নাই ছুপাৰ কিংছৰ ১৯.৯০ কোটি আৰু দিল্লী কেপিটেলছৰ ১৩.৪০ কোটি টকা হাতত আছে৷

You might also like