নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ক্রীড়াৰ বক্সিঙত স্বর্ণজয় লাভলীনা-অংকুশিতাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ অপেক্ষা–উৎকণ্ঠাৰ অন্ত পেলাই প্রথমটো স্বর্ণ জয়ৰ সফলতাৰে চলিত ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াৰ একাদশ দিনটো অসমৰ বাবে গৌৰৱময় হৈ পৰে৷ দেৱভূমি উত্তৰাখণ্ডত চলি থকা ভাৰতীয় ক্রীড়াৰ সর্বশ্রেষ্ঠ প্রতিযোগিতাখনত অসমে দুটা সোণসহ সাতটা পদক জয় কৰাৰ লগতে তিনিটা নিশ্চিত কৰি মুঠ ৩১টা পদক অর্জনৰ সাফল্য লাভ কৰিছে৷ শুকুৰবাৰে মূলতঃ ক্রীডাপ্রেমীৰ দৃষ্টি নিবদ্ধ আছিল বক্সিঙত৷ প্রত্যাশিতভাৱে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৱে সোণ লাভ কৰি অসমক গৌৰৱৰ আনন্দ দিয়ে৷ বিপৰীতে লক্ষ্যত উপনীত হ’ব নোৱাৰিলে দুবাৰৰ অলিম্পিয়ান শিৱ থাপা আৰু অভিনৱ শহকীয়াই৷ ছার্ভিচেজৰ বক্সাৰৰ বিৰুদ্ধে পৰাস্ত হৈ ৰূপ লাভ কৰে শিৱ–অভিনৱে৷ শিৱ ৪–৩ তথা অভিনৱ ৫–০ৰ ব্যৱধানত পৰাস্ত হয়৷ কিন্তু ৰাষ্ট্রীয় ক্রীড়াৰ মঞ্চখনত ২০২২ৰ পৰাই অপৰাজেয় গৌৰৱময় যাত্রা অব্যাহত ৰাখি সোণ অর্জনৰ হেটট্ৰিক পূর্ণ কৰে অসম কন্যা অংকুশিতাই৷ ইয়াৰ পূর্বে গুজৰাট আৰু গোৱা ৰাষ্ট্রীয় ক্রীড়াত স্বর্ণ জিনা অংকুশিতাই মহিলাৰ ৬৬ কিলোগ্রাম শাখাৰ ফাইনেলত উত্তৰাখণ্ডৰ কাজলক ৫–০ত পৰাস্ত কৰে৷ অসমৰ খেলুৱৈৰূপে ৰাষ্ট্রীয় ক্রীড়াত স্বর্ণ জয়ৰ হেটট্ৰিক অর্জন কৰা অংকুশিতা কমনৱেলথ গেমছৰ স্বর্ণজয়ী নয়নমণি শহকীয়াৰ পিছতে দ্বিতীয়গৰাকী ক্রীড়াবিদ৷ উল্লেখ্য যে এইবাৰো সোণ জয়ৰ আশা সজীৱ ৰখা নয়নমণিয়ে ২০১১ৰ ঝাৰখণ্ডৰ পৰাই গোৱালৈ ক্রমাগত চাৰিখন ৰাষ্ট্রীয় ক্রীড়াত লনবলত সোণ লাভ কৰিছে৷ অৱশ্যে নয়নমণি গ্রুপ মেচত পৰাজয়ৰ সন্মুখীন হৈছে যদিও অংকুশিতাই হেটট্ৰিক যাত্রাত এবাৰো পৰাস্ত হোৱা নাই আৰু প্রতিদ্বন্দ্বীক হয় নকআডট বা ৫–০ত পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ ক্রমাগত বাৰখন মেচত একক আধিপত্যৰে কেৰিয়াৰৰ তৃতীয়খন ৰাষ্ট্রীয় ক্রীড়া সামৰিলে অংকুশিতাই৷ ইফালে, চলিত ৰাষ্ট্রীয় ক্রীড়াত ইতিমধ্যে কেইবাজনো অলিম্পিক পদকজয়ী ক্রীড়াবিদ ব্যর্থ হোৱাৰ মাজতে মহিলা বক্সাৰ লাভলীনাই দৃঢ় স্থিতিত অটল থাকি অসমক দ্বিতীয়টো সোণ দিবলৈ সক্ষম হয়৷ ৭৫ কিলোগ্রাম শাখাৰ ফাইনেলত লাভলীনাই হেলাৰঙে চণ্ডীগড়ৰ প্রাঞ্চু ৰাথোৰক ৫–০ত পৰাস্ত কৰি স্বর্ণপ্রাপ্তিৰ আনন্দ ৰাজ্যবাসীক দিয়ে৷ উল্লেখ্য যে বক্সিঙৰ জড়িয়তে অসমে দুটা সোণ, সমসংখ্যক ৰূপ তথা এটা ব্রঞ্জ লাভ কৰি অভিযান সামৰিলে৷ ইফালে, আর্চাৰীৰ ইণ্ডিয়া ৰাউণ্ডত অসমৰ টুটুমণি বড়োৱে ছিংগলছত তথা অৰুণ বড়ো আৰু নম্রতা ব্রহ্মই মিক্সড শাখাত ব্রঞ্জ লাভ কৰে৷ তৃতীয় স্থান নির্ণয়কাৰী খেলত টুটুমণিয়ে ৬–৪ত ঝাৰখণ্ডৰ মনীষা কুমাৰীক তথা অৰুণ–নম্রতাই ৫–৩ত হাৰিয়ানাৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰে৷ এইবাৰ আর্চাৰীত এই দুটাই অসমৰ পদক৷ ইফালে, লনবলত অসমে আৰু ৩টা পদক জয় নিশ্চিত কৰিছে৷ নয়নমণি শহকীয়া আৰু বনগীতা হাজৰিকাৰ মহিলা ডাবলছ যুটিৰ লগতে পুৰুষ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফ’চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাউণ্ডে ছেমিত প্রৱেশ কৰিছে৷ কিন্তু ২০০৭ৰ গুৱাহাটী ৰাষ্ট্রীয় ক্রীড়াৰ স্বর্ণজয়ী অসমৰ পুৰুষ ফুটবল দলে উক্ত ৩৩সংখ্যক ৰাষ্ট্রীয় ক্রীড়াৰ সুদীর্ঘ বিৰতিৰ পিছত এইবাৰ পুনৰ যোগ্যতা অর্জন কৰিছিল যদিও পদক জয়ৰ অন্তিম সুযোগত বিফল হয়৷ দিল্লীয়ে ৪–২ত অসমক পৰাস্ত কৰি ব্রঞ্জ লাভ কৰে৷ চলিত ৰাষ্ট্রীয় ক্রীড়াত আজি অভিযান আৰম্ভ কৰিব দেশৰ দ্রুতমানৱ অসম সন্তান অম্লান বৰগোহাঁয়ে৷ ইফালে, প্রিয়ানুজ ভট্টাচার্যৰ নেতৃত্বত অসম টেবুল টেনিছ দলটো ডেৰাডুনত উপস্থিত হৈছে৷ আনহাতে অসমৰ আন্তর্জাতিক টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱাই মহিলাৰ কিউৰুগি ৭৩ কেজিৰ ফাইনেলত পৰাস্ত হৈ ৰূপ জিনে৷ হাৰিয়ানাৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলা মেচখন ৫–৫ত ড্র হোৱাৰ পিছত হিটত পৰাস্ত হয় ৰ’দালি৷

You might also like