নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্জেণ্টিনাৰ হৈ প্রথমবাৰলৈ ৫ গ’ল মেছিৰ

নিয়মীয়া বাৰ্তা, ৭ জুনঃ বিশ্বৰ অন্যতম শ্রেষ্ঠ দুই তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো আৰু লি’নেল মেছিৰ দুভৰিৰ যাদুৱে পুনৰবাৰ মুগ্ধ কৰিলে অনুৰাগীক৷ একেদিনাই দুয়োজনে দেশৰ হৈ খেলিবলৈ নামিছিল৷ মেছিয়ে প্রদর্শনী মেচ খেলিলেও ৰ’নাল্ডো নামিছিল নেচনছ লীগৰ মেচত৷ দুয়োগৰাকী তাৰকাই দলৰ হৈ গ’ল দিবলৈ সক্ষম হয়৷ এষ্ট’নিয়াৰ বিপক্ষে খেলা প্রদর্শনী মেচখনত ৫–০ গ’লত বিজয়ী হয় আর্জেণ্টিনা৷ পাঁচোটা গ’ল দিয়ে মেছিয়ে৷ বার্চিলোনাৰ জার্ছীত ১০ বছৰ পূর্বে বেয়াৰ লেভাৰকুছেনৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ এখন মেচত পাঁচ গ’ল দিছিল আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে৷ দেশৰ জার্ছী পৰিধান কৰি পুনৰ সেই কীর্তি স্থাপন কৰিলে মেছিয়ে৷ এই অভিলেখ অন্য কোনো ফুটবলাৰৰ নাই৷

দেশৰ হৈ গ’লৰ পৰিসংখ্যাত মেছিয়ে অতিক্রম কৰিলে হাংগেৰীৰ ফ্রেংক পুছকাছক৷ এষ্ট’নিয়াৰ বিৰুদ্ধে ৮ মিনিটতে পেনাল্টীৰ জৰিয়তে দলক আগুৱাই দিয়ে মেছিয়ে৷ বিৰতিৰ পূর্বে তেওঁ দ্বিতীয়টো গ’ল দিয়ে৷ বিৰতিৰ ২ মিনিটৰ পিছতে অর্জন কৰে হেটট্রিক৷ ৭১ আৰু ৭৬ মিনিটত মেছিয়ে আন দুটা গ’ল দিয়ে৷ আর্জেণ্টিনাৰ হৈ ১৬২খন মেচত ৮৬টা গ’ল কৰিবলৈ সক্ষম হয় ফুটবলাৰগৰাকীয়ে৷ মেছিয়ে সর্বাধিক গ’লদাতাৰ তালিকাত পেলেক অতিক্রম কৰিলে৷ এতিয়া ক্লাব আৰু দেশৰ হৈ সর্বাধিক গ’ল দিয়া ৰ’নাল্ডো (৮১৩)ৰ পিছতে দ্বিতীয় স্থানলৈ উন্নীত হয় মেছি (৭৬৯)৷ আনহাতে তৃতীয় স্থানত থকা পেলেৰ গ’লৰ সংখ্যা ৭৬৭টা৷ কালি নেচনছ কাপৰ মেচখনত ছুইজাৰলেণ্ডক ৪–০ গ’লত পৰাজিত কৰে পর্তুগালে৷ ছুইজাৰলেণ্ডৰ বিপক্ষে তেওঁ দুটা গ’ল দিয়ে৷ আন দুটা গ’ল দিয়ে উইলিয়াম কার্ভালহো আৰু জোৱাও কেনেছেলোৰে৷

You might also like