নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএফআইক নিষিদ্ধ কৰক

ভাৰতত পাঁচ হাজাৰ বছৰীয়া সভ্যতা–সংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ সময়তে ভয়ংকৰ জাল পেলাইছে কেইবাটাও জেহাদী সংগঠনে৷ পাকিস্তান আৰু বাংলাদেশৰ পৃষ্ঠপোষকতাত অসমতো কেইবাটাও জেহাদী সংগঠনে বিগত প্রায় তিনি দশক ধৰি অস্থিৰতা সৃষ্টিৰ বাবে চক্রান্ত চলাই আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে ধর্মৰ ভিত্তিত দেশ বিভাজন হৈছিল যদিও আমাৰ দেশখনক সামৰি এখন ইছলামিক মহাদেশ গঢ়িবলৈ পাকিস্তান আৰু বাংলাদেশৰ জেহাদী সংগঠনসমূহে অহৰহ ষড়যন্ত্রত লিপ্ত হৈ থকাৰ কথাটো এতিয়া গোপন থকা নাই৷ ১৯৯৭ত প্রথমবাৰৰ বাবে গুৱাহাটীত ধৰা পৰিছিল পাকিস্তান আৰু বাংলাদেশৰ মদতপুষ্ট জেহাদী সংগঠনৰ এক বৃহৎ চক্র৷ এই চক্রটোত থকা শতাধিক জেহাদীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা বুজনসংখ্যক নথিপত্র জব্দ কৰা হৈছিল৷ ঘাইকৈ হৰকট–উল–মুজাহিদ্ আৰু হৰকট–উল–জেহাদৰ্ স’তে জড়িত চক্রটোৰ পৰা আৰক্ষী বিভাগে ভয়াৱহ পৰিকল্পনাৰ বিস্তৃত তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ আনকি জেহাদী সংগঠনৰ স’তে জড়িত পাকিস্তানী আৰু বাংলাদেশী নাগৰিককো গ্রেপ্তাৰ কৰা হৈছিল৷ আৰক্ষীৰ এনে অভিযানৰ পাছত ৰাজ্যখনত ইছলামিক মৌলবাদৰ জালখন উৎখাত হোৱা বুলি আশা কৰা হৈছিল যদিও সেই জালখন এতিয়া আকৌ অধিক ভয়াৱহহে হৈছে৷ নতুন নতুন নাম লৈ এই জেহাদী সংগঠনসমূহে ৰাজ্যখনৰ একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চলত তেওঁলোকৰ কাম–কাজ পূর্ণগতিত চলাই আছে৷ প্রথমতে স্বেচ্ছাসেৱী সংগঠনৰ নাম লৈ কাম–কাজ আৰম্ভ কৰা এনে এটা সংগঠন হ’ল পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া, চমুকৈ পিএফআই৷ ২০০৬ চনত কেৰালাত জন্মলাভ কৰা সংগঠনটোৱে বিগত ১০ বছৰ ধৰি দেশৰ একাংশ ৰাজ্যৰ লগতে অসমতো বিশেষভাৱে সক্রিয় হৈ উঠিছে৷ এখন ইছলামিক বিশ্ব গঢ়াৰ পৰিকল্পনাৰে পিএফআয়ে চলাই থকা কাম–কাজ যে দেশৰ প্রতি ভাবুকি, সেয়া ২০১২ চনতে কেৰালা চৰকাৰে উচ্চ ন্যায়ালয়ত জনাইছিল৷ ছাত্র সংগঠনৰ নামত ইছলামিক জেহাদ আৰু সাম্প্রদায়িক বিষবাষ্প বিয়পাই দিয়াৰ অহৰহ চক্রান্তত পিএফআই জড়িত থকাৰ বিস্ফোৰক তথ্য নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ আনকি কেৰালা পুলিচে এই সন্দর্ভত বিভিন্ন নথিপত্র উদ্ধাৰ কৰাৰ উপৰি সংগঠনটোৰ সদস্যৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছিল মাৰণাস্ত্রৰ উপৰি হস্তনির্মিত বোমা৷ ২০১৩ চনৰ এপ্রিলত কেৰালা আৰক্ষীয়ে পিএফআইৰ কেইবাটাও কেন্দ্রত তালাচী চলাই বুজনসংখ্যক অস্ত্র, মাৰণাস্ত্র নির্মিত সামগ্রী, গান পাউডাৰ আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া, চমুকৈ ছিমিক কেন্দ্রীয় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত যোৱা বাৰ বছৰ ধৰি জেহাদী ছাত্র সংগঠনটোৰ বিকল্প ৰূপে পিএফআইৰ কাম–কাজ চলি আছে৷
অসমত পিএফআইৰ কাম–কাজ নতুন নহয়৷ বিগত প্রায় এটা দশক ধৰি এই ইছলামিক ছাত্র সংগঠনটোৱে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, দৰং, বাক্সা, নগাঁও, মৰিগাঁও আদি জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিভিন্ন কেন্দ্র স্থাপন কৰি তেওঁলোকৰ কাম–কাজ চলাই আছে৷ আনকি সংগঠনটোৱে গুৱাহাটীতো কেন্দ্র স্থাপন কৰি মুকলিকৈ কার্যকলাপ অব্যাহত ৰাখিছে৷ প্রায় দুবছৰ পূর্বে পিএফআইৰ গুৱাহাটীস্থ কার্যালয়ত আৰক্ষীৰ বিশেষ দলে অভিযান চলাইছিল আৰু সংগঠনটোৰ কেইবাজনো সদস্যক গ্রেপ্তাৰ কৰিছিল৷ সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা আৰু দেশবিৰোধী কাম–কাজৰ বাবে পিএফআইক নিষিদ্ধ কৰাৰ বাবে ৰাজ্যৰ গৃহ বিভাগে কেন্দ্রীয় চৰকাৰৰ ওচৰত প্রস্তাৱ দিছিল৷ আনকি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পিএফআইক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে৷ কিন্তু সুদীর্ঘ প্রায় দুই দশক ধৰি মুকলিকৈ ৰাষ্ট্রবিৰোধী কাম–কাজত জড়িত থকাৰ তথ্য লাভ কৰাৰ পাছতো পিএফআইক কিয় নিষিদ্ধ কৰা হোৱা নাই সেয়া ৰহস্যজনক৷ ভাৰতীয় সভ্যতা–সংস্কৃতিক নিঃশেষ কৰিবলৈ অহৰহ চক্রান্তত লিপ্ত থকা আনছাৰুল্লাহ বাংলা টীম (এবিটি)ৰ স’তে পিএফআইৰ সম্পর্কৰ তথ্য ৰাজ্যৰ আৰক্ষী বিভাগে লাভ কৰাৰ কথা পোহৰলৈ আহিছে৷ আল–কায়দা ইন ইণ্ডিয়ান ছাব কণ্টিনেণ্ট (একিউআইএছ)ৰ সহযোগী আনছাৰুল্লাহ বাংলা টীমৰ দৰে ইছলামিক সংগঠনৰ স’তে জড়িত হৈ পিএফআয়ে চলোৱা চক্রান্তৰ পাছতো যদি সংগঠনটোক নিষিদ্ধ কৰা নহয়, তেন্তে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ভৱিষ্যৎ বিপদাপন্ন হোৱাৰ পূৰামাত্রাই আশংকা আছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্রৱাৰ থানা দিন–দুপৰতে জ্বলাই দিয়া, অপৰাধনামাৰ নথিপত্র ভস্মীভূত কৰা ঘটনাৰ অন্তৰালত আনছাৰুল্লাহ বাংলা টীম জড়িত থকাৰ তথ্যও ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সদৰী কৰিছে৷ যদিহে এই ঘটনাত পিএফআই জড়িত থকাৰ উপযুক্ত তথ্য–প্রমাণ আছে তেন্তে এইক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে তথাকথিত সংগঠনটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ পিএফআইক নিষিদ্ধ কৰি সংগঠনটোৰ নেতা–কর্মীসকলৰ বিৰুদ্ধে শীঘ্রে আইনগত ব্যৱস্থা গ্রহণ কৰা উচিত৷ ভাৰতীয় সভ্যতা–সংস্কৃতি আৰু ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষাৰ ক্ষেত্রত কোনো কাৰণতে চৰকাৰে আপোচ কৰা উচিত নহয়৷

You might also like