লকডাউনত কেনেদৰে সময় পাৰ কৰিছে ধোনীয়ে ? ক’লে পত্নী সাক্ষীয়ে
নিয়মীয়া বার্তা, ১ জুনঃ বিগত বর্ষৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলৰ পৰা আঁতৰি থকা তাৰকা ক্রিকেটাৰ মহেন্দ্র সিং ধোনীয়ে এতিয়া ঘৰত ভিডিঅ’ গেম খেলি সময় পাৰ কৰিছে৷ এই কথা প্রকাশ কৰিছে প্রাক্তন অধিনায়কগৰাকীৰ পত্নী সাক্ষী ধোনীয়ে৷
চেন্নাই ছুপাৰ কিংছৰ অফিচিয়েল ইনষ্টাগ্রাম পেজৰ সৈতে হোৱা এক পোনপটীয়া অনুষ্ঠানত সাক্ষীয়ে কয় যে ধোনীয়ে পূর্বৰে পৰা মানসিক অৱসাদ দূৰ কৰিবলৈ ভিডিঅ’ গেমত ব্যস্ত থাকে৷ চিন্তামুক্ত হৈ থাকিবলৈ তেওঁ এইদৰে ভিডিঅ’ গেম খেলে৷
লকডাউনৰ সময়ছোৱাতো ধোনীয়ে পাবজি খেলি সময় অতিবাহিত কৰিছে বুলি সাক্ষীয়ে উল্লেখ কৰে৷ ইফালে, তেওঁ পুনৰ কয় যে ক্রিকেট বিশেষজ্ঞই মহেন্দ্র সিং ধোনীক কেপ্ঢেইন কুল বুলি আখ্যা দিয়ে যদিও ক্রিকেটক লৈ ধোনী অত্যন্ত আৱেগিক৷ ক্রিকেটক অত্যন্ত ভাল পায় বাবেই তেওঁ কেতিয়াবা ক্রিকেটক লৈ অত্যন্ত আৱেগিক হৈ পৰা দেখা যায়৷ মন কৰিবলগীয়া যে দীর্ঘদিন ধৰি ক্রিকেটৰ পৰা আঁতৰি থকা ধোনীৰ কেৰিয়াৰ সম্প্রতি অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে৷