আইপিএলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অভাৰ
🔹 শ্বার্দুলৰ লজ্জাজনক নজিৰ
নিউজ ডেস্ক, ১০ এপ্রিল : আইপিএলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অভাৰ বলিং কৰে শ্বার্দুল ঠাকুৰে৷ মঙলবাৰে কলকাতাৰ ইডেন গার্ডেনত কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে খেলা মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অলৰাউণ্ডাৰগৰাকীয়ে এই লজ্জাজনক নজিৰটো গঢ়ে৷ মেচখনত কলকাতাৰ ইনিংছৰ ১৩ অভাৰত বলিং কৰিবলৈ আহিছিল শ্বার্দুল৷ অভাৰটোৰ প্রথম পাঁচটা বল ৱাইড দিয়ে শ্বার্দুলে৷ অভাৰটোত মুঠ ১১টা বল বলিং কৰিছিল৷ ইয়াৰ পূর্বে কোনো বলাৰে আইপিএলৰ এটা অভাৰত প্রথম পাঁচটা বল ৱাইড দিয়া নাছিল৷ আইপিএলৰ আটাইতকৈ দীঘলীয়া অভাৰৰ লজ্জাজনক অভিলেখটো স্পর্শ কৰে শ্বার্দুলে৷ ইয়াৰ পূর্বে মহম্মদ চিৰাজ আৰু তুষাৰ দেশপাণ্ডেই ১১টা বল কৰি অভাৰৰ সামৰণি মাৰিছিল৷ ফলত আইপিএলত সর্বাধিক দীঘলীয়া অভাৰৰ অভিলেখ শ্বার্দুল, চিৰাজ আৰু তুষাৰে যৌথভাৱে দখল কৰে৷