১২৪ বছৰীয়া অভিলেখ ভংগ কৰি এখন অলিম্পিকতে দুটা পদক মনু ভাকেৰৰ
🎯 পদক বিজয়ীলৈ প্রধানমন্ত্রী মোদীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ চলিত পেৰিছ অলিম্পিকত শতকোটি ভাৰতীয়ৰ স্বপ্ণ পূৰণ কৰি দ্বিতীয়টো পদক অর্জন কৰিলে ভাৰতীয় শ্বুটাৰ মনু ভাকেৰ আৰু সৰৱজ্যোত সিঙে৷ আজি ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড ইভেণ্টত ব্রঞ্জ জয় কৰে মনু আৰু সৰৱজ্যোতে৷ ইয়াৰ লগে লগে ইতিহাসৰ পৃষ্ঠাত স্থান লাভ কৰে হাৰিয়ানাৰ তৰুণী মনুৱে৷ স্বাধীনতাৰ পিছত একমাত্র ভাৰতীয় হিচাপে একেখন অলিম্পিকতে দুটা পদক অর্জন কৰে তাৰকা শ্বুটাৰগৰাকীয়ে৷ ইয়াৰ লগে লগে ১২৪ বছৰীয়া অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় তেওঁ৷ আজি ব্রঞ্জ মেডেলৰ যুঁজত দক্ষিণ কোৰিয়াক ১৬–১০, পইণ্টৰ ব্যৱধানত পৰাজিত কৰে ভাৰতীয় যুটিটোৱে৷ অৱশ্যে পদকৰ যুঁজত আজি ভাল আৰম্ভণি দিব পৰা নাছিল ভাৰতীয় শ্বুটাৰদ্বয়ে৷ প্রথম শ্বটতে কোৰিয়াতকৈ পিছপৰি যায় ভাৰতীয় যুটি৷ অৱশ্যে দ্বিতীয় শ্বটৰ পৰা দুর্দান্ত প্রত্যাৱর্তন ঘটাই মনু–সৰৱজ্যোতে৷ প্রথম পাঁচটা শ্বটৰ পিছত ব্রঞ্জৰ পদক নিশ্চিত কৰি পেলাই ভাৰতে৷ মাজতে কেইটামান শ্বট দুর্বল আছিল যদিও একেৰাহে দহতকৈ অধিক স্ক’ৰ কৰিছিল ভাৰতৰ খেলুৱৈদুগৰাকীয়ে৷ শেষ পর্যন্ত বৃহৎ ব্যৱধানত কোৰিয়াক হৰুৱাই ভাৰতক চলিত অলিম্পিকত দ্বিতীয়টো পদক উপহাৰ দিয়ে মনু–সৰৱজ্যোতে৷ এই পদক জয় কৰাৰ লগে লগে অনন্য অভিলেখৰ গৰাকী হয় মনু৷ ১৯০০ চনত ভাৰতীয় হিচাপে এই অভিলেখ প্রতিষ্ঠা কৰিছিল নর্মান প্রিছার্ডে৷ সেইবাৰ অলিম্পিকৰ এথলেটিকছত দুটা ৰূপৰ পদক অর্জন কৰিছিল প্রিছার্ডে৷ মনকৰিবলগীয়া যে, সেইবাৰো অলিম্পিক অনুষ্ঠিত হৈছিল পেৰিছত৷ অৱশ্যে সেই সময়ত ভাৰত আছিল ব্রিটেইনৰ উপনিৱেশ৷ প্রিছার্ড আছিল এগৰাকী ব্রিটিছ খেলুৱৈ৷ সেইফালৰ পৰা একেখন অলিম্পিকত দুটা পদক অর্জন কৰা মনু হ’ল প্রথমগৰাকী ভাৰতীয়৷ কিয়নো ১৯৪৭ত ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত এই পর্যন্ত কোনো ভাৰতীয় খেলুৱৈয়ে একেখন অলিম্পিকত দুটাকৈ পদক অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ সেই অসাধ্য সাধন কৰি আজি পেৰিছত ভাৰতৰ মুখ উজ্জ্বল কৰিলে মনুৱে৷ ভাৰতৰ ব্রঞ্জৰ পদক নিশ্চিত হোৱাৰ পিছতে গেলাৰীৰ দর্শকৰ অভিবাদন গ্রহণ কৰা দেখা যায় মনুক৷ তেওঁ শিৰনত কৰি দর্শকক উদ্দেশ্যি নমস্কাৰ কৰা দেখা গৈছিল৷ ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত তেওঁ কয়– সকলোৰে ওচৰত মই কৃতজ্ঞ৷ দ্বিতীয় ভাৰতীয় হিচাপে পদক জয় কৰিবলৈ পাই মই গৌৰৱান্বিত৷ দেশবাসীৰ আশীর্বাদ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন৷ প্রথম অৱস্থাত পিছপৰি থকাৰ পিছত দুর্দান্ত প্রত্যাৱর্তনৰ ৰহস্য ব্যাখ্যা কৰি মনুৱে কয়– আচলতে বহু কথাই সকলো সময়ত আমাৰ হাতত নাথাকে৷ নিজৰ হাতত যিখিনি থাকে, কেৱল আমি সেইখিনিকে কৰিব পাৰো৷ ইয়ালৈ অহাৰ আগতে সৰৱজ্যোতক কৈছিলো, যি হয় হ’ব৷ নিজৰ শ্রেষ্ঠখিনি উজাৰি দিব লাগিব৷ নিজৰ শেষৰটো শ্বতলৈ যুঁজ দি যাব লাগিব৷ আৰু সেই মন্ত্রেৰেই প্রত্যাৱর্তন ঘটালে ভাৰতীয় শ্বুটাৰ দুগৰাকীয়ে৷ এই দুগৰাকী তাৰকাৰ হাত ধৰিয়ে পেৰিছ অলিম্পিকত ভাৰতবাসীয়ে লাভ কৰিলে দ্বিতীয়টো পদক৷ আনহাতে দুয়োটা পদকৰেই সমভাগী হৈ ৰ’ল মনু ভাকেৰ৷ উল্লেখ্য যে যোৱা দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত ইভেণ্টত নিজৰ আৰু দেশৰ প্রথমটো ব্রঞ্জৰ পদক অর্জন কৰিছিল হাৰিয়ানাৰ তনয়াই৷ আজি তেওঁ মিক্সড ইভেণ্টত দেশবাসীৰ নাম উজ্বলাই তুলিলে সুদুৰ পেৰিছত৷ উল্লেখ্য যে ভাৰতে দ্বিতীয় পদক জয় কৰাৰ লগে লগে শুভেচ্ছা জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মনুৱে ব্যক্তিগত বিভাগত ব্রঞ্জ লাভ কৰাৰ পিছত তেওঁৰ সৈতে প্রধানমন্ত্রীয়ে ফোনযোগে কথা পাতিছিল৷ আজি সামাজিক মাধ্যমত মোদীয়ে লিখিছে– আমার শ্বুটাৰসকলে পুণৰ দেশক গৌৰৱান্বিত কৰিলে৷ ১০ মিটার এয়াৰ পিষ্টলৰ মিক্সড ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰাৰ বাবে মনু ভাকেৰ আরু সৰৱজ্যোত সিঙক শুভেচ্ছা জনাইছো৷ দুয়োগৰাকীয়ে দুর্দান্ত প্রতিভাৰ পৰিচয় দিছে৷ ভাৰতবাসী তোমালোকক লৈ আনন্দিত৷ মনুৱে একেৰাহে দুটা পদক জয় কৰিলে৷ অতি সুন্দৰ ধাৰাবাহিকতা দেখুৱাইছে তেওঁ৷