অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক মনু ভাকেৰৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুলাইঃ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথম পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মনু ভাকেৰ। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। বাহিৰ হোৱাৰ পূৰ্বে মানুৱে ৰূপৰ পদক লাভ কৰা দক্ষিণ কোৰিয়াৰ কিম য়েজিতকৈ মাত্ৰ ০.১ পইণ্ট পিছ পৰি আছিল। অলিম্পিকত ২২ বছৰীয়া মনু ভাকেৰৰ এইটোৱেই প্ৰথম পদক। মনু হৈছে অলিম্পিক শ্বুটিং ইভেণ্টত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ। তেওঁৰ পূৰ্বে অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰা চাৰিওজন শ্বুটাৰেই আছিল পুৰুষ, যথাক্ৰমে ৰাজ্যবৰ্ধন সিং ৰাথোড়, অভিনৱ বিন্দ্ৰা, বিজয় কুমাৰ আৰু গগন নাৰং। ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ অৰ্হতা ৰাউণ্ডত ৫৮০ নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰে মনু ভাকেৰে। ইয়াৰ লগে লগে তেওঁ শ্বুটিঙত ভাৰতৰ পদকৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে ২০১২ চনৰ লণ্ডন অলিম্পিকত শ্বুটিঙত পদক লাভ কৰিছিল, য’ত গগন নাৰং আৰু বিজয় কুমাৰে এই পদক লাভ কৰিছিল।