খেলৰত্নৰ মনোনয়ন : মনু ভাকেৰৰ নাম অন্তর্ভুক্তিৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ডিচেম্বৰঃ মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰস্কাৰৰ মনোনয়ন তালিকাত মনু ভাকেৰৰ নাম নথকাত সমগ্র দেশজুৰি বিতর্কৰ সৃষ্টি হৈছে৷ সেই বিতর্কৰ অন্ত পেলাবলৈ উঠি–পৰি লাগিছে কেন্দ্রীয় চৰকাৰ৷ জানিব পৰা মতে, অন্তিম মুহূর্তত মনোনয়নৰ তালিকাত মনুৰ নাম অন্তর্ভুক্ত হ’ব পাৰে৷ কেইদিনমানৰ ভিতৰতে ক্রীড়া মন্ত্রী মনসুখ মান্দভিয়াই চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ ক্রীড়া মন্ত্রালয়ৰ এটা সূত্রই জনোৱা মতে, তালিকা এতিয়াও চূড়ান্ত হোৱা নাই৷ এতিয়াও যথেষ্ট প্রক্রিয়া বাকী আছে৷ অৱশ্যে মনুৰ নাম নথকাত তীব্র সমালোচনাৰ সৃষ্টি হৈছে৷ বিশেষকৈ পুৰস্কাৰপ্রাপ্তসকল্ নির্বাচন কৰাৰ বাবে গঠন কৰা কমিটীৰ সদস্যসকল অধিক সমালোচিত হৈছে৷ সেই কমিটীত ৰাণী ৰামপাল, অনিল কুম্বলে, বিজেন্দৰ সিঙৰ দৰে তাৰকাসকলো আছে৷ ৰাষ্ট্রীয় শ্বুটিং সন্থাৰ সভাপতি কালিকেশ সিঙে কয় যে মনুৱে আবেদন জনাইছেনে নাই সেই কথা তেওঁ নাজানে যদিও আবেদন জনালে তেওঁক পুৰস্কাৰ নিদিয়াৰ কোনো কাৰণ নাই৷ অৱশ্যে আবেদন নকৰিলে কমিটীয়ে কৰিব লগা একো নাই৷ ইপিনে, নিজৰ নাম জমা দিয়া বুলি দাবী কৰিছে মনু ভাকেৰে৷ কিন্তু পৰৱর্তী সময়ত প্রাথমিক তালিকাত তেওঁৰ নাম নাছিল৷ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত বিচাৰপতি ভি সুব্রহ্মন্যমৰ নেতৃত্বত ১২জনীয়া সদস্যৰ কমিটীক খেলৰত্নৰ বাবে তালিকা স্থিৰ কৰিবলৈ দায়িত্ব দিয়া হৈছে৷ সেই তালিকাত ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিঙৰ নাম আছে যদিও মনুৰ নাম নাই৷