Match Fixing ৰ সৈতে জড়িত হৈ নিলম্বিত হ’ল আন এজন পাক ক্ৰিকেটাৰ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ‘মেচ ফিক্সিং আৰু পাকিস্তান ক্ৰিকেট’ দুয়োটাৰে যেন পূৰ্বৰ পৰাই কিবা এক সম্পৰ্ক আছে । কাৰণ মেচ ফিক্সিঙৰ সৈতে জড়িত হৈ নিলম্বিত হৈছে পাকিস্তান ক্ৰিকেট দলৰ বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰ । পিচে এইবাৰো এনে এক অনুৰূপ ঘটনাই পোহৰলৈ আহিছে । প্ৰবীণ পাকিস্তানী ক্ৰিকেটাৰ ওমৰ আকমলো এইবাৰ মেচ ফিক্সিঙৰ সৈতে সাঙুৰ খাই পৰিছে ।
পাকিস্তানৰ হৈ ২২১ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ লোৱা ওমৰ আকমলক ইতিমধ্যে পাকিস্তান ক্ৰিকেট বৰ্ডে (Pakistan Cricket Board) তৎকালিনভাৱে নিলম্বন কৰিছে । যাৰ বাবে খেলুৱৈগৰাকীয়ে যেতিয়ালৈকে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে কোনোধৰণৰ খেলতে অংশ ল’ব নোৱাৰিব ।
উল্লেখ্য যে ২৯ বছৰীয়া ওমৰ আকমলে পাকিস্তান দলৰ হৈ এই পৰ্যন্ত ২ বাৰকৈ এদিনীয়া বিশ্বকাপ আৰু ৪ বাৰকৈ টি-২০ বিশ্বকাপত খেলিছে ।