নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপতে সন্তুষ্ট মেৰী কমঃ আজি ৰিঙত নামিব শিৱ থাপা

নিয়মীয়া বাৰ্তা, ৩১ মেঃ ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছে৷ ডুবাইত চলি থকা প্রতিযোগিতাখনৰ দেওবাৰে অনুষ্ঠিত ৫১ কেজি ইভেণ্টৰ ফাইনেলত মণিপুৰী বক্সাৰগৰাকীক কাজাখস্তানৰ নাজিম কাইজাইবে’ই ৩–২ৰ ব্যৱধানত পৰাস্ত কৰি স্বর্ণ পদক অর্জন কৰিবলৈ সক্ষম হয়৷

নিজতকৈ ১১ বছৰ সৰু কাজাখস্তানৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে প্রথমটো গেমত মেৰী কমে আক্রমণাত্মক আৰম্ভণি কৰে যদিও দ্বিতীয় গেমত কিছু প্রত্যাহ্বানৰ সন্মুখীন হয়৷ তীব্র উত্তেজনাপূর্ণ মেচখনৰ অন্তত ৰেফাৰীয়ে ৩–২ৰ ব্যৱধানত নাজিমক বিজয়ী ঘোষণা কৰে৷

উল্লেখ্য যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত মেৰী কমৰ এয়া সপ্তমটো পদক৷ ইয়াৰ পূর্বে তেওঁ প্রতিযোগিতাখনত ৫টা স্বর্ণ অর্জন কৰিবলৈ সক্ষম হৈছিল৷

ইফালে, আজি অসম সন্তান শিৱ থাপাকে ধৰি ভাৰতৰ তিনিগৰাকী পুৰুষ বক্সাৰে এছিয়ান বক্সিঙৰ ফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ৬৪ কেজি ফাইনেলত শিৱ থাপাৰ প্রতিদ্বন্দ্বী হ’ব এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী মংগোলীয়াৰ বাটাৰছুক চিনজ’ৰিগ৷ একেদৰে অমিত পাংহাল আৰু সঞ্জিতেও আজি ৰিঙত নামিব৷

You might also like