হোটেলত প্রতি নিশা ১৭.৫ লাখ ব্যয় মেছিৰ
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ বার্চিলোনা এৰি পেৰিছ ছেইণ্ট জার্মাইনৰ সৈতে চুক্তিবদ্ধ হোৱা ছুপাৰষ্টাৰ লি’নেল মেছিৰ নতুন ঠিকনা হৈছে পেৰিছৰ লি ৰ’য়েল ম’নকিউ হোটেল৷ দুবছৰৰ বাবে পি এছ জিৰ সৈতে চুক্তিবদ্ধ হোৱা আর্জেণ্টিনাৰ তাৰকাগৰাকীয়ে পত্নী এণ্টলিনা আৰু ৩ সন্তানৰ সৈতে এই বিলাসী হোটেলত বাহৰ পাতিছে৷ ছুইমিং পুল, চিনেমা হল আৰু আৰু অত্যাধুনিক ৰেষ্টুৰেণ্ট সন্নিবিষ্ট লি ৰ’য়েল ম’নকিউ হোটেলত প্রতি নিশাৰ বাবে ছুপাৰষ্টাৰগৰাকীয়ে ১৭.৫ লাখ টকা ব্যয় কৰিছে৷
পেৰিছ ছেইণ্ট জার্মেইনৰ আন এগৰাকী ছুপাৰষ্টাৰ নেইমাৰেও দলটোত যোগ দিয়াৰ সময়ত এইখন হোটেলৰে আলহী হৈছিল৷ উল্লেখ্য যে ছয়বাৰৰ বেল’ন ডি অ’ৰ বঁটা বিজয়ী মেছিয়ে পি এছ জিৰ পৰা বছৰি ৩৬০ কোটি টকা উপার্জন কৰিব৷ বিত্তীয় সংকটৰ বাবে বার্চিলোনাই মেছিক পূর্বৰ দৰে বৃহৎ পৰিমাণৰ ধনৰাশি দিব নোৱাৰাৰ বাবে আর্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে স্পেনিছ দলটো ত্যাগ কৰিবলৈ বাধ্য হয়৷ নতুন দল পি এছ জিত মেছিয়ে ৩০ নম্বৰ জার্চি পিন্ধি খেলপথাৰত নামিব৷