নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱালিফায়াৰত MI , কোন হব RCBৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী

গুজৰাট প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ লগতে দ্বিতীয়খন কোৱালিফায়াৰৰ বাবে যোগ্যতা অৰ্জন মুম্বাইৰ

কোৱালিফায়াৰত MI , কোন হব RCBৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী

নিউজ ডেস্ক, ৩১ মে’ : মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত এখন ৰোমাঞ্চকৰ এলিমিনেটৰ মেচ অনুষ্ঠিত হয়। এই খেলখনত মুম্বায়ে গুজৰাটক ২০ ৰানত পৰাস্ত কৰে।

এই পৰাজয়ৰ লগে লগে গুজৰাট প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ লগতে মুম্বাইয়ে দ্বিতীয়খন কোৱালিফায়াৰৰ বাবে যোগ্যতা অৰ্জন কৰে।

মেচখনত টছত জিকি মুম্বাইৰ অধিনায়ক হাৰ্দিকে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আৰু অপেনাৰ ৰোহিত শৰ্মা-জনী বেয়াৰষ্টোৱে কৰা সাৱলীল আৰম্ভণিৰ বাবে দলটোৱে গুজৰাটৰ সসন্মুখত ২২৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰত্য়ুত্তৰত গিল বাহিনীয়ে ২০ ৰানত পৰাজয় বৰণ কৰি আইপিএলত এইবাৰৰ অভিযান সামৰে আৰু মুম্বায়ে যোগ্যতা অৰ্জন কৰে।

উল্লখ্যে যে কাইলৈ গুজৰাটত মুম্বায়ে পঞ্জাবৰ বিৰুদ্ধে দ্বিতীয় কোৱালিফায়াৰ খেলিব আৰু বিজয়ী দলে ৩ জুন আহমেদাবাদতে আৰচিবিৰ বিৰুদ্ধে ফাইনেল খেলিব।

ইফালে একে সময়তে গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে মেচখনত পৰাজয়ৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে। পৰাজয়ৰ কাৰণ সন্দৰ্ভত কওঁতে শুভমনে কয় যে এখন মেচত একেৰাহে তিনিটা কেচ ড্ৰপ কৰিলে বলাৰসকলক ফিল্ডিঙত কোনো সহায় নহয় আৰু খেলখন নিজৰ নিয়ন্ত্ৰণত ৰখাটোও বলাৰসকলৰ বাবে কঠিন হৈ পৰে।

এলিমিনেটৰ মেচত পৰাজয় সন্দৰ্ভত গিলে কয় যে আজি ক্ৰিকেটৰ এক ডাঙৰ খেল আছিল, আমি ভাল মেচ খেলিলোঁ। আজিৰ মেচখনত শেষৰ ৩-৪ অভাৰ আমাৰ পক্ষত নাছিল যদিও তথাপিও এখন ডাঙৰ মেচ আছিল। পৰাজয়ৰ কাৰণৰ বিষয়ে কোৱাৰ সময়ত গিলে কয় যে ‘৩টা কেচ পেলোৱাৰ পিছত বলাৰসকলৰ বাবে খেলখন নিয়ন্ত্ৰণত ৰখাটো সহজ নহয়’।

গিলে কয় যে ‘আমি যেতিয়া বেটিং কৰিবলৈ আহিছিলো, তেতিয়া আমাৰ সন্মুখত একমাত্ৰ কথাটো আছিল যে আমি খেলিব বিচৰা খেলখনহে খেলিব লাগিব। সাই আৰু ৱাশ্বিংটনকো একেই কথা কোৱা হৈছিল। দুয়োৰে মাজত মাত্ৰ এটাই লক্ষ্য আছিল যে আমি যাতে এই মেচখনত জয়ী হওঁ। গিলে আৰু কয় যে ‘ইয়ালৈকে যাত্ৰাৰ বাবে সকলো খেলুৱৈয়ে কৃতিত্বৰ যোগ্য, বিশেষকৈ সাই সুদৰ্শন।’ এই ছিজনত গুজৰাটৰ হৈ সাইয়ে বহুত ভাল খেলিলে।’

কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰে মুম্বাইয়ে
এই মেচত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এই মেচত হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব শ্ৰেয়াছ আয়াৰৰ দল পাঞ্জাব কিংছ। মুম্বাই আৰু পঞ্জাৱৰ মাজত যিটো দলে জয়লাভ কৰে, সেই দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সৈতে চূড়ান্ত খেলখন খেলিব।

You might also like