নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্নভংগ মুম্বাইৰ – মই মোৰ খেলুৱৈসকলক যদি অলপ ভালকৈ মেনেজ কৰিলোহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন

MIৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই কোনো খেলুৱৈক দোষাৰোপ কৰা নাই

স্বপ্নভংগ মুম্বাইৰ – মই মোৰ খেলুৱৈসকলক যদি অলপ ভালকৈ মেনেজ কৰিলোহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন

নিউজ ডেস্ক, ২ জুন : মুম্বাই ইণ্ডিয়ানছৰ আই পি এল ২০২৫ খিতাপ জয়ৰ সপোন ছিন্নভিন্ন হৈ পৰিল। পঞ্জাব কিংছে কোৱালিফায়াৰ মেচত মুম্বাইক পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। ২০৪ ৰান সংগ্ৰহ কৰিও মুম্বাই এই মেচত পৰাস্ত হয়, যাৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়া অতিশয় অসন্তুষ্ট।

এই পৰাজয়ৰ বাবে MIৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই কোনো খেলুৱৈক দোষাৰোপ কৰা নাই। পৰাজয়ৰ দায়িত্ব তেওঁ নিজেই লৈছিল। তেওঁ কয় যে যদি মই মোৰ খেলুৱৈসকলক অলপ ভালকৈ মেনেজ কৰিলোহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন।

তেওঁ আৰু শ্ৰেয়াছ আয়াৰক প্ৰশংসা কৰি কয়, “তেওঁৰ বেটিং, শ্বট খেলাৰ ধৰণটো উৎকৃষ্ট আছিল। আমি ভাল স্ক’ৰ কৰিছিলো যদিও বলিঙত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিলো। যদি আমি লেংথত বলিং কৰা হ’লে বা সঠিক সময়ত সঠিক বলাৰক ব্যৱহাৰ কৰা হ’লে ফলাফল অলপ বেলেগ হ’ব পাৰিলেহেঁতেন।”

কোৱালিফায়াৰ ২ত পঞ্জাব আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হোৱা খেলখন আৰম্ভণিৰে পৰাই আছিল ৰোমাঞ্চকৰ। বৰষুণৰ বাধাৰ বাবে দুয়োটা দল আৰু অনুৰাগীৰ উশাহ বন্ধ হৈ পৰে। অৱশ্যে শেষত পঞ্জাব কিংছ জয়ী হয়। এই খেলখনত টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই দলে ৬ উইকেটত ২০৪ ৰান সংগ্ৰহ কৰে। বৃহৎ স্ক’ৰ আছিল যদিও পঞ্জাবৰ দলটোৱে এই লক্ষ্যত উপনীত হ’ল৷ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ অপৰাজিত ইনিংছত ৮৭ ৰান সংগ্ৰহ কৰি ১৯ অভাৰত পঞ্জাবে জয়লাভ কৰে।

মুম্বাইৰ বলাৰসকলে ২০৫ ৰানৰ বিশাল স্ক’ৰ ৰক্ষা কৰিব বুলি হাৰ্দিকে আত্মবিশ্বাসী আছিল যদিও সেয়া নহ’ল। তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ, মিচেল ছাণ্টনাৰ আৰু ৰিচ টপলি আটাইকেইজনেই দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয়। তেওঁলোকৰ কোনোৱেই উইকেট নাপালে।

You might also like