নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুম্বাই–ছানৰাইজার্ছৰ যুঁজ

নিয়মীয়া বাৰ্তা, ৪ মেঃ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আই পি এলৰ আজি দিল্লীত হ’বলগীয়া মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ছানৰাইজার্ছ হায়দৰাবাদৰ বিপক্ষে৷ আজিৰ এই মেচখনত ৰোহিত বাহিনীকে জয়ৰ প্রবল দাবীদাৰ হিচাপে ধৰা হৈছে৷

বিগত মেচ দুখনত জয়লাভ কৰি দুর্দান্ত প্রত্যাৱর্তন ঘটাবলৈ সক্ষম হোৱা মুম্বায়ে আজিৰ মেচখনত ছানৰাইজার্ছক পৰাস্ত কৰি জয়ৰ হেটট্রিক গঢ়াৰ লক্ষ্য লৈছে৷ দলটোৰ মিডল অর্ডাৰ বেটছমেনৰ ব্যর্থতাক লৈ এতিয়াও চিন্তিত অধিনায়ক ৰোহিত শর্মা৷ মিডল অর্ডাৰ বেটছমেনৰ ব্যর্থতাৰ বাবে কেইবাখনো মেচত পৰাজয়ৰ গ্লানি সহিবলগীয়া হোৱা মুম্বাইক চেন্নাই ছুপাৰ কিংছৰ বিপক্ষে খেলা অন্তিমখন মেচত উদ্ধাৰ কৰিছিল কিৰণ পোলার্ডে৷ বিস্ফোৰক ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা লোৱা পোলার্ডে কাইলৈও এই প্রদর্শন অব্যাহত ৰাখিব পাৰিব বুলি আশা ব্যক্ত কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে পোলার্ডৰ উপৰি মোৰ লগতে আন আগশাৰীৰ বেটছমেনসকলেও নিজৰ দায়িত্ব পালন কৰিব লাগিব৷ এজন খেলুৱৈৰ ওপৰত নির্ভৰ কৰিলে নহ’ব৷ বাকীসকলেও নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব৷ তেতিয়াহে আমি সফলতা লাভ কৰিম৷

উল্লেখ্য যে মুম্বায়ে এতিয়ালৈকে সাতখন মেচ খেলি চাৰিখনত জয়লাভ কৰি আঠ পইণ্টেৰে চতুর্থ স্থানত আছে৷ ইপিনে, জয়ৰ বাবে হাবাথুৰি খোৱা ছানৰাইজার্ছে এতিয়ালৈকে সাতখন মেচ খেলি মাত্র এখনতহে জয়ৰ মুখ দেখিছে৷ ইখনৰ পিছত সিখন মেচত মুখথেকেচা খোৱা ছানৰাইজার্ছে আজি মুম্বাইক পৰাস্ত কৰি জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্য লৈছে৷

খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like