নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেছিৰ দুগ’লেৰে জয় বার্চিলোনাৰ

নিয়মীয়া বাৰ্তা, ৪ মেঃ লিঅ’নেল মেছি নেতৃত্বাধীন বার্চিলোনাই স্পেনিছ লা লিগাত খিতাপ জয়ৰ আশা সজীৱ কৰি তুলিছে৷ দেওবাৰে নিশা মেষ্টালাত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত মেছিৰ দুগ’লৰ সহায়ত ডিফেণ্ডিং চেম্পিয়ন বার্চিলোনাই ভেলেন্সিয়াক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ৩–২ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ উত্তেজনাপূর্ণ খেলখনৰ আটাইকেইটা গ’ল দ্বিতীয়ার্ধতে হয়৷ আক্রমণ–প্রত্যাক্রম ভৰা খেলখনৰ প্রথমার্ধ গ’লশূন্যভাৱে সমাপ্ত হয় যদিও দ্বিতীয়ার্ধৰ ৫ মিনিটত অর্থাৎ ৫০ মিনিটত গেব্রিয়েল পাউলিষ্টাই গ’ল স্ক’ৰ কৰি ভেলেন্সিয়াক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷

অৱশ্যে ৫৭ মিনিটত মেছিয়ে গ’ল কৰি সমতা স্থাপন কৰাৰ ছয় মিনিট পিছত এণ্টনী গ্রিজমানে দর্শনীয় গ’ল স্ক’ৰ কৰি বার্চিলোনাক ২–১ গ’লত অগ্রগতি প্রদান কৰে৷ ইফালে, ৬৯ মিনিটত মেছিয়ে ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল কৰি বার্চিলোনাক ৩–১ গ’লত অগ্রগতি প্রদান কৰে৷ কিন্তু খেল শেষ হ’বলৈ ৯ মিনিট বাকী থকা অৱস্থাত কার্লোছ ছ’লাৰে ভেলেন্সিয়াৰ হৈ এটা গ’ল পৰিশোধ কৰি মেচখনত পৰাজয়ৰ ব্যৱধান ৩–২লৈ হ্রাস কৰে৷

উল্লেখ্য যে বার্চিলোনাই ৩৪খন মেচৰ পৰা ৭৪ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে৷ ইফালে, এটলেটিকো মাদ্রিদে ৩৪খন মেচৰ পৰা ৭৬ পইণ্টেৰে শীর্ষস্থানত থকাৰ বিপৰীতে ৰিয়েল মাদ্রিদে সমসংখ্যক মেচৰ পৰা ৭৪ পইণ্ট সংগ্রহ কৰি দ্বিতীয় স্থানত আছে৷ যোৱানিশাৰ আন এখন মেচত ভিল্লাৰেলে গাটাফেক ১–০ গ’লত পৰাস্ত কৰে৷

You might also like