নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিজেপি বিধায়িনী দলৰ বৈঠক

বিধানসভা নির্বাচনৰ ফলাফলত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছতে মিত্রজোঁটৰ চৰকাৰ গঠনৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ৪ মেঃ নির্বাচনী ৰণত মহাজোঁটক পদানত কৰি বৃহৎ বিজয় সাব্যস্ত কৰাৰ লগে লগে মিত্রজোঁটত আৰম্ভ হৈছে দ্বিতীয়টো কার্যকালৰ চৰকাৰ গঠনৰ তৎপৰতা৷ বিৰোধী কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক নির্বাচনী ফলাফলে হতাশাগ্রস্ত কৰাৰ বিপৰীতে মিত্রজোঁটত এতিয়া আনন্দ–উল্লাসৰ বন্যা৷ ইয়াৰ মাজতে আগন্তুক পাঁচ বছৰীয়া কার্যকালৰ বাবে গঠন হ’বলগীয়া চৰকাৰক লৈ মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিৰ সমান্তৰালভাৱে দুই অংশীদাৰ অগপ আৰু ইউ পি পি এলৰ অভ্যন্তৰত বিভিন্ন সমীকৰণ চলিছে৷ স্বাভাৱিকতে এই সমীকৰণ নতুন মন্ত্রীসভাক কেন্দ্র কৰি৷ দিছপুৰৰ বাহিৰে–ভিতৰে সমগ্র বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ সময়তে আজি অনুষ্ঠিত হ’ব মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি বিধায়িনী দলৰ বৈঠক৷ এই বৈঠকতে বিজেপি বিধায়িনী দলৰ নেতা নির্বাচনৰ বিষয়টোৱে মূলতঃ অগ্রাধিকাৰ লাভ কৰিব৷ এই কথা উল্লেখৰ নিষ্প্রয়োজন যে বিজেপি বিধায়িনী দলৰ নেতাজনেই হ’ব ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী৷

বিধায়িনী দলৰ বৈঠকৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই পর্যবেক্ষক ৰূপে নিযুক্তি দিছে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰক৷ কাইলৈৰ বৈঠকৰ পূর্বে পর্যবেক্ষক কেন্দ্রীয় কৃষিমন্ত্রী টোমৰ গুৱাহাটীত উপস্থিত হ’ব৷ ৰাজ্যিক বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি অসমত দলৰ নির্বাচনী প্রভাৰী হিচাপে দায়িত্ব পালন কৰা কেন্দ্রীয় কৃষিমন্ত্রী টোমৰক কেন্দ্রীয় সংসদীয় ব’র্ডে প্রতিনিধি হিচাপে অসমলৈ প্রেৰণ কৰিছে৷ হয়তো আজি কেন্দ্রীয় কৃষিমন্ত্রী টোমৰে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, সেই সন্দর্ভত এক নাম নির্বাচিত বিধায়কসকলৰ সন্মুখত দাঙি ধৰিব পাৰে অথবা বৈঠকত বিধায়কসকলে কাক বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্রী হিচাপে বিচাৰে, সেই সন্দর্ভত তেওঁ মতামত গ্রহণ কৰিব৷ ইয়াৰ পাছতে কেন্দ্রীয় কৃষি মন্ত্রী টোমৰে নির্বাচিত বিধায়কৰ সিদ্ধান্ত সংসদীয় ব’ডৰ ওচৰত দাখিল কৰিব৷ সেই সিদ্ধান্তৰ ওপৰতে বিজেপিৰ সংসদীয় ব’র্ডে অসমত পৰৱর্তী বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্রী কোন হ’ব সেয়া ঘোষণা কৰিব৷

মন কৰিবলগীয়া যে  নির্বাচনৰ ফলাফল ঘোষণাৰ পাছতে  কেইবাগৰাকীও নির্বাচিত বিধায়ক আৰু দলীয় নেতা উপস্থিত হয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰী বাসগৃহত৷ ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, সাংসদ প্রদান বৰুৱা, নৱনির্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, মন্ত্রী ৰঞ্জিত দত্ত, বিধায়ক মানৱ ডেকা, হেমাংগ ঠাকুৰীয়া, ড০ পৰমানন্দ ৰাজবংশী, পাহাৰীয়া তিনি জিলা কার্বি আংলং–পশ্চিম কার্বিং আংলং–ডিমা হাছাওৰ নৱনির্বাচিত ৫ জনপ্রতিনিধি, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আদিকে ধৰি বহুকেইজন বিধায়কে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বাসগৃহত উপস্থিত হৈ মিলিত হয়৷ সমান্তৰালভাৱে আন একাংশ নির্বাচিত বিধায়কে  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে৷

ইফালে, ৰাজ্যত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পাছতে  মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰিলে ৰাজ্যিক প্রভাৰী তথা ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাই৷ প্রভাৰীগৰাকীয়ে ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতেও আন এক বৈঠকত মিলিত হয়৷ লক্ষণীয়ভাৱে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চলি থকা জল্পনা–কল্পনাৰ মাজতে  ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্ট কৰি দিছে যে নৱনির্বাচিত বিধায়কসকলৰ সিদ্ধান্ত গ্রহণৰ পাছত সংসদীয় ব’র্ডে ঘোষণা কৰিব পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব৷ প্রসংগক্রমে উল্লেখ কৰি পাৰিব যে দেওবাৰে ঘোষিত বিধানসভা নির্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে ৬০খন আসনত জয়লাভ কৰাৰ বিপৰীতে মিত্রজোঁটৰ অংশীদাৰ দুই অগপ আৰু ইউপিপিএলে লাভ কৰিছে ক্রমে ৯খন আৰু ৬খন আসন৷ ইয়াৰ বিপৰীতে চৰকাৰ গঠনৰ স্বপ্ণত বিভোৰ হৈ থকা মহাজোঁটক নেতৃত্ব দিয়া কংগ্রেছে ২৯টা সমষ্টিতহে জয়ী হ’বলৈ সক্ষম হয়৷ মহাজোঁটৰ অংশীদাৰ এআইইউডিএফে ১৬খন, বিপিএফে ৪খন আৰু চিপিআই(এম)–এ ১খন আসনতে ক্ষান্ত থাকে৷

You might also like