পদক জয়ক লৈ আত্মবিশ্বাসী মীৰাবাঈ
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ জাপানৰ ৰাজধানী টকিঅ’ত ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অলিম্পিকখনত পদক জয়ক লৈ আত্মবিশ্বাসী ভাৰতৰ মহিলা ভাৰোত্তোলক ছাইখোম মীৰাবাঈ চানু৷ ৰিঅ’ অলিম্পিকত ব্যর্থ হ’লেও এইবাৰ টকিঅ’ অলিম্পিকত ভাৰোত্তোলকৰ মহিলাৰ ৪৯ কেজি শাখাত প্রতিনিধিত্ব কৰিবলগীয়া মীৰাবাঈ চানুৱে সর্বস্ব উজাৰি খেলিবলৈ সাজু হৈছে৷
সম্প্রতি প্রতিযোগিতাখনলৈ পূর্ণ প্রস্তুতি চলাই থকা মীৰাবাঈ চানুৱে কয় যে বৃহৎ আশা লৈ টকিঅ’ অলিম্পিকত ভাগ ল’ব ওলাইছোঁ৷ প্রতিযোগিতাখনত সফলতা লাভ কৰাৰ বাবে মই পূর্ণোদ্যমে প্রস্তুতি চলাই আছোঁ৷ ৰিঅ’ অলিম্পিকৰ ব্যর্থতাই মোক চাপত ৰখা নাই৷ এইবাৰ পদক জয় কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে৷ টকিঅ’ অলিম্পিকৰ পূর্বে খেলা প্রতিযোগিতাসমূহত উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ এই ধাৰা অলিম্পিকতো অব্যাহত ৰাখি দেশলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ম৷ উল্লেখ্য যে অহা ২৪ জুলাইত মীৰাবাঈ চানুৱে অলিম্পিকত অভিযান আৰম্ভ কৰিব৷