নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পীনাৰৰ বধ্যভূমিত পৰিণত মীৰপুৰ টেষ্ট : সংকটত নিউজিলেণ্ড

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ প্রথমখন মেচত পৰাস্ত হোৱাৰ পাছত দ্বিতীয়খন মেচতো নিউজিলেণ্ডৰ অৱস্থা অধিক সংকটজনক হৈ পৰিছে৷ মিৰপুৰত অনুষ্ঠিত হৈ থকা টেষ্টৰ প্ৰথম দিনটোৰ শেষলৈকে কিৱি দলটোৱে মাত্ৰ ৫৫ ৰানত ৫টা উইকেট হেৰুৱাইছে। ইয়াত স্পিনাৰসকলে আৰম্ভণিৰে পৰাই বহুত টাৰ্ণ ৰাইট পাইছে। এই কাৰণেই মেচখনৰ প্ৰথম দিনাই ১৫টা উইকেটৰ পতন ঘটিল। এই ১৫টা উইকেটৰ ভিতৰত ১৩টা উইকেট দখল কৰিছিল স্পিনাৰসকলে। মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। খেলপথাৰত আৰম্ভণিৰে পৰাই স্পিনাৰসকলে সহায় লাভ কৰাৰ লগতে নিয়মীয়া ব্যৱধানত বাংলাদেশৰ উইকেটৰ পতন ঘটি থাকিল। অৱশেষত বাংলাদেশে মাত্ৰ ১৭২ ৰানতে প্ৰথম ইনিংছ সামৰে। নিউজিলেণ্ডৰ বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত বাংলাদেশী স্পিনাৰসকলে বিধ্বংসী ৰূপ ধাৰণ কৰে। ফলত দিনটোৰ খেলৰ শেষলৈকে কিৱি দলটোৱে ৫৫ ৰান সংগ্ৰহ কৰি ৫ উইকেট হেৰুৱায়।

#বাৰ্তা ডেস্ক

You might also like